আছু-বীৰ লাচিত সেনাৰ সদস্যই যোগ দিলে এন এছ ইউ আইত - NSUI Joining Programme

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 10:48 PM IST

thumbnail
এন এছ ইউ আইলৈ ছাত্ৰ-ছাত্ৰীৰ সোঁত (ETV Bharat Assam)

যোৰহাট,২৫ জুন: যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈয়ে বিপুল ভোটত জয়লাভ কৰা পিচতেই বিশেষকৈ উজনি অসমত কংগ্ৰেছ ভেটি শক্তিশালী হোৱাৰ উমান পোৱা গৈছে । সেয়েহে কংগ্ৰেছ দললৈ এতিয়া বিভিন্নজনৰ সোঁত বোৱা পৰিলক্ষিত হৈছে । মঙলবাৰে গৌৰৱ গগৈৰ কৰ্মদক্ষতাৰ প্ৰতি আকৃষ্ট হৈ যোৰহাট জিলা কংগ্ৰেছ ভৱনত অৰ্দ্ধ শতাধিক ছাত্র-ছাত্ৰীয়ে কংগ্ৰেছৰ ভাতৃ সংগঠন এন এছ ইউ আইত যোগদান কৰে । যোগদান কৰা অধিকাংশ ছাত্ৰ-ছাত্ৰীয়েই আছু আৰু বীৰ লাচিত সেনাৰ মজিয়াৰ পৰা অহা ।

যোৰহাট জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোঁহাই আৰু এন এছ ইউ আইৰ ৰাজ্যিক সভাপতি কৃশানু বৰুৱাৰ উপস্থিত যোগদান কৰাসকলক কংগ্ৰেছ তথা ভ্ৰাতৃ সংগঠন এন এছ ইউ আইলৈ আদৰণি জনায় । এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি এন এছ ইউ আইৰ ৰাজ্যিক সভাপতি কৃশানু বৰুৱাই কয় যে যোগদান কৰা এইসকল ছাত্ৰ-ছাত্ৰীয়ে গৌৰৱ গগৈৰ দক্ষতাৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰিছে আৰু কম সময়ৰ ভিতৰতে গৌৰৱ গগৈৰ উপস্থিতিত বৃহৎ সংখ্য লোকে কংগ্ৰেছ দলত যোগদান কৰিব ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.