অসমত উপস্থিত বাংলাদেশৰ অধ্যয়নৰত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী - Bangladesh job quota crisis

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 9:06 PM IST

thumbnail
অসমত উপস্থিত বাংলাদেশৰ অধ্যয়নৰত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী (ETV Bharat Assam)

মিৰ্জা, ২২ জুলাই: অশান্তজৰ্জৰ বাংলাদেশৰ পৰা এতিয়া প্ৰতিদিনে স্বদেশলৈ উভতি আহিছে অসমৰ ছাত্ৰ-ছাত্ৰী ৷ স্ব-ভূমিত ভৰি থৈ লৈছে স্বস্তিৰ নিশ্বাস, শিহৰিত হৈ পৰিছে বাংলাদেশৰ সেই পৰিবেশৰ কথা সুঁৱৰি ৷ চৰকাৰী নিযুক্তিত সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে ছাত্ৰ সংগঠনৰ প্ৰতিবাদত এতিয়া জ্বলিছে চুবুৰীয়া বাংলাদেশ, স্তব্ধ হৈ পৰিছে দেশখন ৷ বিভীষিকাময় পৰিৱেশৰ পৰা পলায়ন কৰিছে ভাৰতীয় লোক তথা ছাত্ৰ-ছাত্ৰীয়ে ৷ 

আজি গুৱাহাটীৰ বৰঝাৰস্থিত বিমান বন্দৰতো আহি উপস্থিত হ’ল অসমৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী ৷ বাংলাদেশৰ সৰ্বোচ্চ ন্যায়ালয়ে দিয়া ৰায়দানৰ পিচতো স্বাভাৱিক হোৱা নাই বাংলাদেশৰ পৰিৱেশ ৷ বাংলাদেশৰ ঢাকাৰ চাক্ষুস শিহৰণকাৰী বৰ্ণনা দি এতিয়া ছাত্ৰ আন্দোলন ৰাজনৈতিক আন্দোলনত পৰিণত হোৱা বুলি মন্তব্য কৰিলে উভতি অহা অসমীয়া ছাত্ৰই ৷

লগতে পঢ়ক: ৰাজপথত মৃতদেহৰ শাৰী: এম্বুলেন্সত উঠি কি দৰে অসম পালেহি শিৱসাগৰৰ আব্বাছ ? - VIOLENCE HIT BANGLADESH

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.