ডিব্ৰুগড়ৰ পৰা 4 সুদখোৰক আটক - লাহোৱালৰ গ্ৰীণউদ চাহ বাগিচা
🎬 Watch Now: Feature Video


Published : Feb 24, 2024, 1:52 PM IST
ডিব্ৰুগড়, 24 ফেব্ৰুৱাৰী : মাটি দালালৰ পাচত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সুদখোৰৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰম্ভ কৰিছিল অভিযান । ইতিমধ্যে ৰাজ্যৰ বিভিন্ন জিলাত আৰক্ষীৰ জালত পৰিছে কেইবাজনো সুদখোৰ । ইয়াৰ মাজতে শুকুৰবাৰে বিয়লি ডিব্ৰুগড়ৰ লাহোৱালত দুজন সুদখোৰক আটক কৰে লাহোৱাল আৰক্ষীয়ে ।
জানিব পৰা মতে, শুকুৰবাৰে বিয়লি ভাগত অভিযান চলাই লাহোৱালৰ গ্ৰীণউদ চাহ বাগিচাৰ বিৰাজ দাস আৰু মাইজান চাহ বাগিচাৰ পকা লাইনৰ ৰতন কুৰ্মীক আটক কৰে আৰক্ষীয়ে । বিৰাজ দাসৰ বাসগৃহৰ পৰা লাহোৱাল আৰক্ষীয়ে বহু টকা আৰু বহু নথি পত্ৰও জব্দ কৰিবলৈ সক্ষম হয় । দুইজনে চাহ বাগিচা অঞ্চলত দীৰ্ঘদিন ধৰি ‘সুদ’ৰ বেপাৰ চলাই আহিছিল ৷ এই বেপাৰৰ বিষয়ে আৰক্ষীয়ে খবৰ লাভ কৰি চলোৱা অভিযানত বিৰাজ দাস আৰু ৰতন কুৰ্মীক আটক কৰে ৷
ইয়াৰ পাচতে একে দিনা নিশা মৰাণত দুই সুদখোৰক আটক ৷ মৰাণ আৰক্ষীয়ে আটক কৰিছে মৰাণ মিৰিহোলাৰ মন্টু বৰুৱা আৰু মৰাণ হাটখোলাৰ পাপু দে নামৰ দুই সুদখোৰক ৷ দুয়োৰে পৰা যথেষ্ঠ পৰিমাণৰ আপত্তিজনক নথি পত্ৰ জব্দ কৰিছে আৰক্ষীয়ে ।
লগতে পঢ়ক : মিছন সুদখোৰ, তিনি সুদখোৰ আটক