thumbnail

প্ৰসাদ খাই অসুস্থ ১২ জন; যোগান বিভাগৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ

By ETV Bharat Assamese Team

Published : 8 hours ago

জোনাই: কাতি বিহুৰ উপলক্ষে চিমেন চাপৰি মাজগাঁও কছাৰীত গাঁৱত কাতি বিহুৰ প্ৰসাদ খাই কেইবাজনো লোক গুৰুতৰভাৱে অসুস্থ হয় ৷ কছাৰী গাঁৱৰ ৰাইজে শুকুৰবাৰে বাথৌ মন্দিৰত কাতি বিহুৰ আয়োজন কৰিছিল ৷ পূজাৰ বুটমাহৰ প্ৰসাদ খোৱাৰ পাছতেই শনিবাৰে পুৱাৰে পৰা কেইবাজনো লোকৰ বমি, পেটচলা, পেটবিষ আদি ৰোগত অসুস্থ হৈ পৰে l

লগতে পঢ়ক: বুটমাহৰ বিষক্ৰিয়া, আক্ৰান্ত শিশু, মহিলাসহ শতাধিক - Food poisoning

১২ জন লোক গুৰুতৰভাৱে অসুস্থ:

কাতি বিহুৰ বুটমাহৰ প্ৰসাদ খাই গুৰুতৰভাৱে অসুস্থ হৈ পৰা প্ৰায় ১২ জন লোকক চিলাপথাৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় l এই ১২ জনৰ ভিতৰত ৯ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে ৷ তেওঁলোক ক্ৰমে- ফুলেশ্বৰী বসুমতাৰী, অমৃতা স্বৰ্গীয়াৰী, বৰ্ণালী বসুমতাৰী, মিনিচিৰাং বসুমতাৰী, ডিম্পল স্বৰ্গীয়াৰী, ,গীতামণি বসুমতাৰী, ফাউদুল স্বৰ্গীয়াৰী, মণিৰাম বসুমতাৰী, অনামিকা স্বৰ্গীয়াৰী l

যোগান বিভাগৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ:

ইয়াৰ পূৰ্বেও চিমেন চাপৰি অঞ্চলত এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰিছে স্থানীয় লোকে ৷ যোগান বিভাগৰ গাফিলতিৰ বাবে বাৰে বাৰে অঞ্চলটোত এনে ঘটনা সংঘটিত হোৱাৰ দাবী কৰি গঞা ৰাইজৰ এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে বিভাগটোক আহ্বান জনাইছে ৷ অন্যথা অনাগত দিনত যোগান বিভাগৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে গঞা ৰাইজে ৷

লগতে পঢ়ক: খাদ্যত বিষক্ৰিয়া হৈ আক্ৰান্ত ৪১ জন ব্যক্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.