নগাঁৱৰ কন্দলীত হত্যাকাণ্ড; ৰহস্যজনক অৱস্থাত বাগানৰ মাজত উদ্ধাৰ যুৱকৰ মৃতদেহ - Nagaon murder case

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 1:40 PM IST

thumbnail
নগাঁৱৰ কন্দলীত হত্যাকাণ্ড (ETV Bharat Assam)

বঢ়মপুৰ, 11 জুন : নগাঁৱৰ কন্দলীত হত্যাকাণ্ড ! ছোৱালী জোকোৱাকলৈ এজন যুৱকক হত্যা কৰাৰ অভিযোগ উঠিছে দুজন লোকৰ বিৰুদ্ধে  ৷ নিহত যুৱকজন কমল দেউৰী বুলি জানিব পৰা গৈছে  ৷ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ উত্তেজনাময় পৰিৱেশৰ ৷

মৃত যুৱকজনৰ পৰিয়ালৰ লোকে উল্লেখ কৰা মতে, বিগত বুধবাৰে ছোৱালী জোকোৱাক লৈ কমল দেউৰীক বেয়াকৈ মাৰপিট কৰে অজিৎ তাঁতী আৰু কাৰ্তিক তাঁতীয়ে ৷ কিয়নো কমল দেউৰীৰে এজনী ছোৱালীজনীক জোকাইছিল ৷ সেয়ে ছোৱালীজনীৰ পৰিয়ালৰ লোকে আহি কমল দেউৰীক মাৰপিট কৰে । পিছত এই গোচৰটো চাহ বাগানৰ মেনেজাৰক দিয়া হয় ।

পৰৱৰ্তী সময়ত চাহ বাগানৰ মেনেজাৰে আহত কমল দেউৰীক বাগানৰ চিকিৎসালয়তে চিকিৎসা ব্যৱস্থা কৰে । চাহ বাগানৰ চিকিৎসালয়ত চিকিৎসা কৰাৰ পাচত অতি ৰহস্যজনক অৱস্থাত বাগানৰ মাজত উদ্ধাৰ হয় অভিযুক্ত যুৱকজনৰ মৃতদেহ  ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে ৷

ইফালে মৃত যুৱকজনৰ পৰিয়ালে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে ৷ মৃত যুৱকজনৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰিবলৈ আৰক্ষীক দাবী জনাইছে ৷

লগতে পঢ়ক : ডিফুত ঘৰৰ ভিতৰতে গুলীয়াই থৈ গ'ল যুৱতীক - Diphu murder case

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.