দলঙৰ পৰা নখান্দা নৈত জাঁপ দি আত্মহত্যাৰ চেষ্টা বৃদ্ধৰ - Attempt To Suicide

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 6:07 PM IST

thumbnail
দলঙৰ পৰা নখান্দা নৈত জাঁপ দি আত্মহত্যাৰ চেষ্টা বৃদ্ধৰ (ETV Bharat Assam)

বৰপেটা,১২ জুলাই: বৰপেটাৰ নখান্দা দলঙৰ পৰা নৈত জাঁপ এগৰাকী ষাঠি উৰ্ধৰ লোকৰ ৷ নখান্দা নৈৰ দলঙৰ পৰা নৈত জঁপিওৱা লোকজনক উদ্ধাৰ একাংশ যুৱকৰ ৷ লোকজনৰ পৰিচয় বৰ্তমানো উদ্ধাৰ হোৱা নাই যদিও লোকজন নলবাৰী জিলাৰ শ'লমাৰাৰ বুলি জানিব পৰা গৈছে ৷ লোকজনক নৈত ভাঁহি গৈ থকা অৱস্থাত জামাল খান, আজাহাৰ আলী আৰু মহিবুল নামৰ তিনিজন যুৱকে গাড়ীৰ ভিতৰৰ পৰা প্ৰত্যক্ষ কৰে ৷  

ইয়াৰ পিচতে তিনিওজন যুৱকে নৈৰ কাষত থকা নাৱৰ সহায়ত লোকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ লোকজনক সম্প্ৰতি বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছে ৷ ইপিনে লোকজনে কোনো কীটনাশক সেৱনৰো সন্দেহ কৰে উপস্থিত লোকসকলে ৷ নৈত জাঁপ দি লোকজনে আত্মহত্যা কৰিবলৈ চেষ্টা চলোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ বৰপেটাতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ 

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ (সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ।)

লগতে পঢ়ক: চেঁচা নৈত জাপ দিলে 60 ৰ ঊৰ্ধৰ ব্যক্তিয়ে : নলাত উটি গ’ল যুৱক - Attempt To Suicide

Silsako Eviction Drive : শিলসাঁকোত উচ্ছেদৰ আতংক, চালৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.