লখিমপুৰত বন্যহস্তীৰ আক্রমণত এজনৰ মৃত্যু - WILD ELEPHANT MENACE - WILD ELEPHANT MENACE
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-08-2024/640-480-22142688-thumbnail-16x9-df-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Aug 6, 2024, 10:38 PM IST
লখিমপুৰ, ৬ আগষ্ট : লখিমপুৰ জিলাৰ চিয়াজুলীৰ দীৰ্ঘা নাহৰবাৰী গাঁৱত সোমবাৰে নিশা বন্যহস্তীৰ তাণ্ডৱ । হাতী খেদিবলৈ গৈ হাতীৰ আক্ৰমণত মৃত্যু হ'ল এজন লোকৰ । মাজনিশা সংঘটিত ঘটনাটোত হাতীৰ আক্ৰমণত নিহত লোকজন হৈছে দীৰ্ঘা নাহৰবাৰী মগৰ চুকৰ তিল বাহাদুৰ মগৰ ওৰফে ৰামু । হাতীৰ আক্ৰমণত আহত হয় মুন নায়ক নামৰ আন এজন লোক ।
সমীপৰ দীৰ্ঘা বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে মংগল গড় নামৰ লোকজনৰ ঘৰ ভঙা শুনি হাতী খেদিবলৈ ওলাই অহা ৰামুক হাতীয়ে খেদি গৈ থেকেচি গুৰুতৰভাৱে আহত কৰে । পাচত আহত ৰামুক চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়াৰ পথত মৃত্যু হয় । বন্যহস্তীৰ আক্ৰমণত নিহত তিল বাহাদুৰ ওৰফে ৰামুৰ দৰিদ্ৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে গোৰ্খা ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে ।