বিলাসী বাহনে মহতিয়াই নিলে চাইকেল আৰোহীক - Road Accident

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 4:57 PM IST

thumbnail
বিহালীৰ বৰগাঙত পথ দুৰ্ঘটনা (ETV BHARAT ASSAM)

বিশ্বনাথ, 30 জুন: বিহালীৰ বৰগাঙত দেওবাৰে সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ বিহালীৰ বৰগাঙ আৰক্ষী থানাৰ অন্তৰ্গত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ শুকান সুঁতি দলঙৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয় ৷ এখন বিলাসী বাহনে এজন চাইকেল আৰোহীক মহতিয়াই নিয়াৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা ৷ দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS 07 S 6090 ৷  

বিলাসী বাহনখনে মহতিয়াই নিয়াৰ ফলত গুৰুতৰভাৱে আহত হয় চাইকেল আৰোহীজন ৷ ইয়াৰ পিচতে স্থানীয় লোকে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনতে আহত ব্যক্তিজনক চিকিৎসালয় লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে তেওঁক ৷ মৃত লোকজন গাংমৌ থানৰ চিত্তৰঞ্জন চৰকাৰ বুলি চিনাক্ত কৰা হৈছে ৷ ইতিমধ্যে বৰগাঙ আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰাৰ লগতে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বিহালী প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : ফেচবুক লাইভত চৰম সিদ্ধান্ত গ্ৰহণ ফটোগ্রাফাৰৰ - Suicide during FB live

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.