বিধায়কৰ ছাঁটোকে দেখিবলৈ নাই: চেঙাত নিজাববীয়া প্ৰচেষ্টাত খহনীয়া ৰোধৰ চেষ্টা ৰাইজৰ - EROSION OF BRAHMAPUTRA RIVER

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 10:46 PM IST

thumbnail
ৰাইজৰ খহনীয়া ৰোধৰ চেষ্টা (ETV Bharat Assam)

বৰপেটা, ২৩ জুলাই: বৰপেটা জিলাৰ চেঙা সমষ্টিৰ ৰৌমাৰী পথাৰ গাঁৱত বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় লোকসকল ৷ খহনীয়াৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে বিধায়ক হোৱা আশ্ৰাফুল হুছেইনে ৰাইজলৈ পিঠি দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ ৰাইজৰ বিপদৰ সময়ত খবৰ নোলোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৰৌমাৰী পথাৰবাসীয়ে ৷

তাৰ পৰিৱৰ্তে ফেচবুকৰ বিধায়ক আখ্যা দিয়া হৈছে স্থানীয় বিধায়কগৰাকীক ৷ মঙলবাৰে একাংশ ক্ষুব্ধ ৰাইজে আশ্ৰাফুল হুছেইন গ’ বেক, আশ্ৰাফুল হুছেইন মুৰ্দাবাদ ধ্বনিৰে বিধায়ক হুছেইনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

উল্লেখ্য যে, দীৰ্ঘদিনৰে পৰা ব্ৰহ্মপুত্ৰৰ খহনীয়ত জাহ গৈছে ৰৌমাৰী পথাৰৰ হাজাৰ হাজাৰ কৃষিভূমিৰ লগতে নৈপৰীয়া ৰাইজৰ ঘৰ-দুৱাৰ ৷ আলাই-আথানি নোহোৱা হৈছে নৈ পৰীয়া ৰাইজৰ ৷ বিধায়কৰ মুখলৈ চাই নাথাকি অৱশেষত মঙলবাৰে ৰাইজে গাঁঠিৰ ধন ভাঙি ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলায় ৷

লগতে পঢ়ক: কপিলীৰ খহনীয়া প্ৰতিৰোধৰ দাবীত কামপুৰত প্ৰতিবাদ - Erosion of Kapili River

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.