কোৱাৰ্টাৰ ফাইনেলত লাভলীনাৰ বিজয় কামনাৰে নামঘৰত স্থানীয় লোকৰ প্ৰাৰ্থনা - Lovelina Borgohain in Olympics - LOVELINA BORGOHAIN IN OLYMPICS
🎬 Watch Now: Feature Video


Published : Aug 4, 2024, 9:02 AM IST
সৰুপথাৰ, 4 আগষ্ট : আজি কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব অসম গৌৰৱ লাভলীনা বৰগোঁহায়ে । ইয়াৰ পূৰ্বে শনিবাৰৰ সন্ধিয়া পাভজান বাৰমূখীয়া বৰনামঘৰৰ গাঁৱৰ ৰাইজে লাভলীনাৰ সাফল্য কামনা কৰি স্থানীয় নামঘৰত চাকি-বন্তি জ্বলাই প্ৰাৰ্থনা কৰে । বন্তি প্ৰজ্বলন কৰি সমূহীয়াকৈ ভাগৱত-কীৰ্তন পাঠ কৰি লাভলীনাৰ হৈ ভগৱানৰ ওচৰত সেৱা-প্ৰাৰ্থনা জনায় পিতৃ-মাতৃৰ লগতে গাঁৱৰ ৰাইজে ।
উল্লেখ্য যে, আজি চীনৰ লি কিয়ানৰ সৈতে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব লাভলীনা । লাভলীনাৰ সাফল্য কামনা কৰি স্থানীয় ৰাইজৰ লগতে অসমবাসীয়ে শুভেচ্ছা প্ৰদান কৰাৰ সমান্তৰালকৈ মঠ-মন্দিৰত সেৱা-প্ৰাৰ্থনা জনোৱা পৰিলক্ষিত হৈছে । অসম কন্যা তথা ধনশিৰিৰ জীয়ৰীগৰাকীয়ে দেশৰ হৈ স্বৰ্ণ পদক জয় কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ৷