চিলাপথাৰত বিদ্যুৎস্পৃষ্ট হৈ পশুধনৰ মৃত্য়ু

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 1:24 PM IST

thumbnail

জোনাই, ৫ মাৰ্চ: ধেমাজি জিলাৰ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত মেচাকী টঙানিত এক বিদ্যুৎস্পৃষ্ট হৈ পশুধনৰ মৃত্য়ু হোৱাৰ ঘটনা সংঘটিত হয় । ঘটনাৰ বিৱৰণি মতে, কালি‌ চহবাৰী গাঁৱৰ তুখেশ্বৰ পেগুৰ চোতালেদি যোৱা উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তিনিদলীয়া তাঁৰ চিগি পৰে । এই ঘটনাত তুখেশ্বৰ পেগুৰ পৰিয়ালৰ সদস্য়সকল মৃত্যুমুখৰ পৰা ৰক্ষা পৰে যদিও তিনিটা পশুধনৰ মৃত্য়ু হয় ।  

বিদ্যুৎ পৰিবাহী তাঁৰডাল চিঙি যোৱাৰ ফলত  যোৱা নিশা ১০ বজাত মৃত্যু হয় পশুধন দুটাৰ । স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অমনোযোগিতাৰ ফলত সংঘটিত হৈছে এই ঘটনাটো । ইপিনে, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক খবৰ দিয়াৰ পিচতো বিভাগটোৰ কোনো লোক উপস্থিত নহ'ল ঘটনাস্থলীত ৷ ৰাইজে অতি শীঘ্ৰে চিগি যোৱা তাঁৰ মেৰামতি কৰাৰ লগতে উচিত ক্ষতিপূৰণ দিবলৈ বিদ্যুৎ বিভাগক ৰাইজে দাবী জনাইছে ।  

লগতে পঢ়ক:শদিয়াত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ১০ বছৰীয়া শিশুৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.