সোণাপুৰৰ কচুতলিৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীক উভতি ধৰিলে দেৱব্ৰত শইকীয়াই - MLA Debabrata Saikia - MLA DEBABRATA SAIKIA

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 5:32 PM IST

শিৱসাগৰ, ১৩ ছেপ্টেম্বৰ: নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই শুক্ৰবাৰে নাজিৰাস্থিত বাসগৃহত এক সংবাদমেল সম্বোধন কৰি ৰাজ্য় চৰকাৰক তীব্ৰ সমালোচনা কৰে । বিৰোধী দলপতিগৰাকীয়ে অসমৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মন্তব্য় কৰি বিজেপি চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো কৰে সমালোচনা ।

বিৰোধী দলপতিগৰাকীয়ে সোণাপুৰৰ কচুতলিৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক দোষাৰোপ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়," আমি কোনেও এনেধৰণৰ প্ৰচাৰ কৰা নাই যি প্ৰচাৰৰ দ্বাৰা বেদখলকাৰীক উৎসাহিত কৰিছো । গোটেই কথাবোৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইচ্ছ্য়ু ডাইভাৰ্ট কৰিব বিচাৰিছে । কংগ্ৰেছক অসম বিৰোধী সজাবলৈ তেওঁলোকে এনেদৰে প্ৰচাৰ চলাই আহিছে । মই যিটো কথা কোৱা নাই সেই কথা কৈ মোক আক্ৰমণ কৰিছে ।"

অসমত শেহতীয়াকৈ বহুচৰ্চিত ধন আত্মসাতৰ ঘটনাত আৰক্ষী আৰু চৰকাৰৰ ভূমিকা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতিগৰাকীয়ে । এই বিষয়টো সন্দৰ্ভত বিৰোধী দলপতিগৰাকীয়ে অসমৰ ৰাজ্যপালক সাক্ষাৎ কৰি সঠিক পৰ্যায়ৰ তদন্ত হোৱাকৈ ব্যৱস্থা গ্ৰহণৰ বাবে স্মাৰকপত্ৰ প্ৰদান কৰা বুলি কয় । লগতে প্ৰয়োজনত ই ডি পৰ্যায়ৰ তদন্তৰো তেওঁ দাবী জনায় । স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰাজ, চাহ শ্ৰমিকৰ মাচুল বৃদ্ধি, শিৱসাগৰ-সোণাৰি পথৰ দুৰৱস্থা, বাউলী পুখুৰী চিকিৎসালয়ৰ পৰিত্য়ক্ত অৱস্থা সন্দৰ্ভতো বিৰোধী দলপতিগৰাকীয়ে মন্তব্য় কৰে ।

লগতে পঢ়ক:সোণাপুৰৰ গুলীচালনা: কংগ্ৰেছৰ উচটনিতেই অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ দাবী মুখ্যমন্ত্ৰীৰ - Sonapur firing incident

সোণাপুৰৰ হিংসাত্মক ঘটনাত নিহত দুজন, আহত কমেও ৩৫ জন: ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ডিজিপিৰ - Violence during eviction

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.