অজান দেশলৈ গ’লগৈ ৰামোজী ৰাও LIVE - Last journey of Ramoji Rao - LAST JOURNEY OF RAMOJI RAO
🎬 Watch Now: Feature Video
Published : Jun 8, 2024, 9:22 AM IST
বিদায় ৰামোজী ৰাও ৷ কাহানিও ঘূৰি নহাৰ প্ৰতিশ্ৰুতি দি অজান দেশলৈ গ’ল গৈ ৰামোজী ৰাও ৷ ৰামোজী গ্ৰুপ অফ কোম্পানীৰ অধ্যক্ষ আছিল ৰামোজী ৰাও ৷ চলিত মাহৰ ৫ তাৰিখে স্বাস্থ্যজনিত কিছু কাৰণত হায়দৰাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৰামোজী ৰাওক । কিন্তু চিকিৎসাধীন অৱস্থাতে আজি শনিবাৰে পুৱা প্ৰায় 4:50 বজাত শেষ নিশ্বাস ত্যাগ কৰে ৰামোজী ৰাও-এ ৷ ৰামোজী ৰাওৰ নশ্বৰদেহ ৰামোজী ফিল্ম চিটিত থকা বাসগৃহত ৰখা হৈছে ৷ য'ত বন্ধু-বান্ধৱী তথা শুভাকাংক্ষীয়ে তেওঁ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, চন্দ্ৰবাবু নাইডু, কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়েও ৰামোজী গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ ৰামোজী ৰাওৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । বৰ্তমান ৰামোজী গোটৰ প্ৰতিষ্ঠাপক শ্ৰী ৰামোজী ৰাওৰ মৃতদেহ ৰামোজী ফিল্ম চিটীৰ কৰ্পোৰেট কাৰ্যালয়ত অন্তিম দৰ্শনৰ বাবে ৰখা হৈছে। য’ত তেওঁৰ অগণন গুণমুগ্ধই তেওঁক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে ৷ইনাডুৰ এজন দূৰদৰ্শী নেতা হিচাপে, ৰামোজী ৰাওৱে তেলুগু মিডিয়াৰ দৃশ্যপটক নতুন উচ্চতালৈ লৈ গৈছিল আৰু প্ৰকাশন গোষ্ঠীটোক এক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিছিল। মিডিয়া সাম্ৰাজ্যৰ বাহিৰেও, ৰামোজী ৰাওৰ উদ্যোগী প্ৰচেষ্টা বিভিন্ন সফল ব্যৱসায়িক উদ্যোগলৈ সম্প্ৰসাৰিত হৈছিল। তেওঁ এক বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজনা প্ৰতিষ্ঠান ঊষা কিৰণ মুভিজ আৰু এক আগশাৰীৰ চলচ্চিত্ৰ বিতৰণ কোম্পানী ময়ুৰী ফিল্ম ডিষ্ট্ৰিবিউটৰ্ছৰ আঁৰৰ চালিকা শক্তি আছিল। মিডিয়া টাইকুনজনে টেলিভিশ্যন চেনেলসমূহৰ ফ্লেগশ্বিপ- ইটিভি নেটৱৰ্ক আৰু বিত্তীয় সেৱাৰ এক বিশ্বস্ত নাম মাৰ্গাদৰ্শী চিট ফাণ্ড তথা নিজৰ সেৱা আৰু আতিথ্যৰ বাবে প্ৰসিদ্ধ ডলফিন গ্ৰুপ অফ হোটেলছকো গঢ়ি তুলিছিল। তেওঁৰ মৃত্যুৰ বাতৰি সমগ্ৰ দেশতে বিয়পি পৰা লগে লগে সকলো কোণৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে, যাৰ জৰিয়তে সংবাদ মাধ্যম, মনোৰঞ্জন আৰু ব্যৱসায়ৰ ক্ষেত্ৰত ৰামোজী ৰাওৰ অসাধাৰণ উপলব্ধিক স্মৰণ কৰা হৈছে।