ভূমিস্খলনৰ তাণ্ডৱ : কুৰ্মে জিলাৰ কলিয়াং-ছালিত বিধ্বস্ত বি আৰ টি এফৰ পথ - Landslide In Arunachal Pradesh

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 10:37 PM IST

thumbnail
ভূমিস্খলনত সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিছে কুৰোঙ কুৰ্মে জিলাৰ কলিয়াং-ছালিৰ পথ (ETV BHARAT ASSAM)

তেজপুৰ, 10 জুলাই : অৰুণাচল প্ৰদেশৰ কুৰোং কুৰ্মে জিলাৰ কলিয়াং-ছালিৰ বি আৰ টি এফৰ এটা পথ ভূমিস্খলনত সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিছে ৷ ফলত যাতায়তৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে এই পথটো ৷ পথটোৱে ভাৰত-চীন সীমান্তক সংযোগ কৰিছে ৷ ভূমিস্খলনৰ ফলত পথটোৰে সীমান্তলৈ যোৱা সেনা বাহিনীৰ লোকৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে ৷

বিগত দুদিন ধৰি এই অঞ্চলত যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ আছে ৷ কলিয়াঙৰ পৰা চালি অঞ্চলৰ শেষ অংশত অৱস্থিত পলোচঙ ৰাজহ চক্ৰত সংঘটিত এই ভূমিস্খলন আৰু অত্যাধিক বৰষুণৰ ঢলে পথটোত থকা দুটাকৈ কালভাৰ্ট আৰু এখন দলং উটুৱাই লৈ যায় ৷ সম্প্ৰতি অঞ্চলটোত যোগাযোগ ব্যৱস্থা বিছিন্ন হৈ আছে ৷ আনহাতে একে অঞ্চলতে আন এটা কালভাৰ্ট বৰষুণে উটুৱাই নিয়াত স্থানীয় ৰাইজৰ মাজত এক বৃহৎ সমস্যা দেখা দিছে ৷  

স্থানীয় ৰাইজে এই পথটো মেৰামতিৰ কাম সোনকালে আৰম্ভ কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে ৷ পথটো বন্ধ হৈ থকাত স্থানীয় লোকে খাদ্য সামগ্ৰী আৰু চিকিৎসা সেৱাৰ লগতে ঔষধৰ অভাৱত পৰিছে ৷ সমান্তৰালভাৱে বহু ঠাইত পথ বিচ্ছিন্ন হোৱাৰ উপৰিও বৃহৎ যান-বাহনৰ বাবে পেট্ৰল-ডিজেলৰ নাটনিয়ে আন এক সমস্যাৰ সৃষ্টি কৰিছে ৷ স্থানীয় লোকে পিঠিত বোজা বান্ধি খাদ্য সামগ্ৰী আৰু ঔষধ পাহাৰৰ ওপৰেৰে কঢ়িয়াই নিছে ৷ 

লগতে পঢ়ক : অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন; বন্ধ হৈ পৰিল পাচিঘাট-পাংগিন সংযোগী পথ - Landslide In Arunachal Pradesh

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.