thumbnail

ধিঙত মাৰণাস্ত্ৰসহ এটা মাতব্বৰ গ্ৰেপ্তাৰ - Mission against land mafia

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 5:31 PM IST

ধিং, 2 এপ্ৰিল : শেহতীয়াকৈ বিধানসভাৰ মজিয়াত চৰত বাস কৰা মিঞা মুছলমানসকলক লৈ  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাৰ পিচতেই তৎপৰ হৈ পৰিছে অসম আৰক্ষী ৷  মুখ্যমন্ত্ৰীগৰাকীয়ে চৰত থকা মাতব্বৰক চাফা কৰি দিম বুলি হুংকাৰ দিছিল সদনৰ মজিয়াত ৷ পৰৱৰ্তী সময়ত সেই মাটি চৰৰ দৰিদ্ৰ জনতাৰ মাজত বিতৰণ কৰি দিয়া হ’ব বুলি সদৰী কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মঙলবাৰে নগাঁৱৰ ধিং আৰক্ষীয়ে মাতব্বৰৰ বিৰুদ্ধে চৰাঞ্চলত অভিযান চলায় । শোণিতপুৰ আৰু নগাঁও জিলাৰ সীমামূৰীয়া চৰাঞ্চলত ধিং আৰক্ষীয়ে চলোৱা অভিযানত মাৰণাস্ত্ৰসহ এটা অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ধিং আৰক্ষীয়ে । 

এই অভিযানত ধিং আৰক্ষীৰ দলে ছামিম আক্ৰাম নামৰ মাতব্বৰটোক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে ধৃত ছামিম আক্ৰামৰ পৰা এটা নাইন এম এম পিষ্টলৰ লগতে দুই জাঁই সজীৱ গুলীও জব্দ কৰিবলৈ সক্ষম হয় । ধৃত ছামিম আক্ৰামৰ বিৰুদ্ধে চৰাঞ্চলত মাতব্বৰীৰাজ চলোৱাৰ অভিযোগ আছে বুলি আৰক্ষীৰ এক বিশেষ সূত্ৰে জানিব পৰা গৈছে ৷

লগতে পঢ়ক: লাগিলে আৰক্ষীয়েই নহওক কিয়; এইসকলে কাকো কেৰেপ নকৰে... - Road accident in Gauripur

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.