লিডুৰ কয়লাখনিত কৰ্মৰত শ্ৰমিকৰ ৰহস্যজনক মৃত্যু - Ledo coal mine
🎬 Watch Now: Feature Video
Published : Feb 13, 2024, 1:09 PM IST
তিনিচুকীয়া, ১৩ ফেব্ৰুৱাৰী : মঙলবাৰে তিনিচুকীয়া জিলাৰ লিডুত পুনৰ কয়লা শ্ৰমিকৰ মৃত্যু ! লিডুৰ লালমাটিত সংঘটিত হৈছে এই অঘটনটো ৷ কয়লা বোজা কঢ়িয়াবলৈ গৈ ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি ল’লে এজন শ্ৰমিকে ৷ শ্ৰমিকজনৰ নাম কাঞ্চা বুলি জানিব পৰা গৈছে ৷
প্ৰথমতে নিহত কাঞ্চাৰ একাংশ সতীৰ্থই শ্ৰমিকজনৰ মৃতদেহ পাহাৰৰ দাঁতিত পৰিত্যক্ত অৱস্থাত পৰি থকাৰ প্ৰত্যক্ষ কৰিছিল ৷ তাৰ পাচতে আৰক্ষীক খবৰ দিয়া হয় ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে কাঞ্চাৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷
অৱশ্যে বৰ্তমান পৰ্যন্ত কাঞ্চাৰ মৃত্যুৰ প্ৰকৃত ঘটনা পোহৰলৈ অহা নাই ৷ আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত ৷ ইফালে সঘনাই এনেদৰে শ্ৰমিকৰ মৃত্যুৰ ঘটনাই চিন্তিত কৰিছে সাধাৰণ জনতাক ৷
লগতে পঢ়ক : শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন শোষণৰ অভিযোগ ছাত্ৰীৰ; এজাহাৰ দাখিল