thumbnail

কপিলীৰ খহনীয়া প্ৰতিৰোধৰ দাবীত কামপুৰত প্ৰতিবাদ - Erosion of Kapili River

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 10:19 PM IST

বঢ়মপুৰ,২৩ জুলাই: কামপুৰ বৰচুঙত কপিলী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত বৃহৎ গণতান্ত্ৰিক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত কামপুৰৰ বানপীড়িত ৰাইজে । বৰচুং গাঁৱৰ ঘাইপথত ৰূপায়ণ কৰা হয় এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ।  

২০২২ বৰ্ষৰ প্ৰলয়ংকাৰী বানৰ পাচত ৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৬০০ মিটাৰ দৈৰ্ঘৰ শিলবান্ধটো কপিলী নৈত জাহ যোৱাৰ বাবে ঠিকাদাৰ আৰু অভিযন্তাই দোষী বুলি দাবী কৰে প্ৰতিবাদকাৰীসকলে । ইফালে মন্ত্ৰী পীযুষ হাজৰীকাই বানৰ সময়ত পথৰ আধাৰ পৰাই উভতি যোৱাৰো অভিযোগ প্ৰতিবাদকাৰী ৰাইজৰ । শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে বানপীড়িত ৰাইজে ।

লগতে পঢ়ক: য'তে ত'তে ছেলফী উঠি থকাতকৈ মুখ্যমন্ত্ৰী বেঁকী নৈৰ পাৰলৈ আহক : অখিল গগৈ - Erosion In Kalgachia

জাঁজীত ভয়ংকৰ খহনীয়া;আতংকিত নৈপৰীয়া - Erosion in Amguri

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.