পৰিয়ালৰ আটাইকেইজন লোকেই জটিল ৰোগত আক্ৰান্ত, সহায়ৰ আহ্বান

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 4:29 PM IST

গুৱাহাটী, 1 মাৰ্চ : ডিমৰীয়াৰ ক্ষেত্ৰীৰ বিজয়পুৰ গাঁৱৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ গাথা ৷ পৰিয়ালৰ আটাইকেইগৰাকী লোকেই এতিয়া জটিল ৰোগত আক্ৰান্ত ৷ যাৰ বাবে এতিয়া চিকিৎসা ব্যয়ৰ ক্ষেত্ৰত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে পৰিয়ালটোত ৷

পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী উৎপল বৰ্মন বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি শয্যাগত ৷ ইফালে লোকজনৰ পত্নী আৰু কন্যাও জটিল ৰোগত আক্ৰান্ত হৈ সম্প্ৰতি চিকিৎসাধীন ৷ ফলত এক দুৰ্বিষহ জীৱন পাৰ কৰিছে পৰিয়ালটোৱে ৷  

একমাত্ৰ উপাৰ্জনকাৰীৰ লগতে পৰিয়ালৰ অন্য দুয়োগৰাকী সদস্যও ৰোগাক্ৰান্ত হোৱাত চিকিৎসা ব্যয় বহন কৰিবলৈ অপাৰগ হৈ পৰিছে ৷ স্থানীয় দুই-এক সহৃদয় লোকে সহায় আগবঢ়াইছে যদিও সেয়া পৰ্যাপ্ত নহয় ৷ সেয়েহে পৰিয়ালটোৱে চৰকাৰ তথা ৰাইজক এইক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনাইছে ৷  

যোগাযোগ নম্বৰ- 9613583636 (G-Pay)  

Account Number- 7294010007094  

IFSC- PUNBORRBAGB (7294)

A/C Holder-Rupali Talukdar Barman

লগতে পঢ়ক : মটৰ চাইকেল বন্ধকত থৈ টকা সুদত লৈ বিপদত যুৱক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.