’২৬ লৈকে বিৰোধী ঐক্যমঞ্চ থকাটো ১০০ শতাংশ নিশ্চিত : অখিল গগৈ - Raijor Dal Joining Program

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 6:47 PM IST

thumbnail
ৰাইজৰ দলৰ এক যোগদান কাৰ্যসূচী (ETV Bharat Assam)

গুৱাহাটী, ২৬ জুলাই : ‘‘২০৩১ চনত অসমত আঞ্চলিকতাবাদী চৰকাৰ গঠন হ'ব । '২৬ ত আমি ঐক্যবদ্ধভাৱে বিজেপি চৰকাৰ ভাঙিম আৰু বিৰোধী ঐক্যমঞ্চই চৰকাৰ গঠন কৰিব । '২৬ লৈকে বিৰোধী ঐক্যমঞ্চ থকাটো ১০০ শতাংশ নিশ্চিত ।’’ এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ ৷

আগন্তুক উপ-নিৰ্বাচন সম্পৰ্কত বিধায়ক গগৈয়ে কয়, ‘‘উপ-নিৰ্বাচনত এটা সমষ্টি আঞ্চলিক দলক আৰু এটা সমষ্টি বাওঁপন্থী দলক এৰি দিব লাগে ৷ ৩ টাত খেলিব লাগে কংগ্ৰেছে । আসনৰ ভাগ বাটোৱাৰা কেৱল এটা দলৰ মতে হ'ব নালাগে । কংগ্ৰেছে ৫ খনত খেলিবলৈ হ'লে বিৰোধী ঐক্যমঞ্চৰ সৈতে আলোচনা কৰিব লাগিব । ’’  

উল্লেখ্য যে, শুকুৰবাৰে গুৱাহাটীৰ আই টি এ মাছখোৱাত আয়োজন কৰা হয় ৰাইজৰ দলৰ এক যোগদান কাৰ্যসূচী ৷ উক্ত কাৰ্যসূচীত শিৱসাগৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি ড৹ ভৱেন্দ্ৰ নাথ মোহন, শদিয়া জিলা বিজেপিৰ প্ৰাক্তন সভাপতি যুধিষ্ঠিৰ গগৈ, বিজেপিৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য গোপাল কাকতিকে ধৰি দুই শতাধিক লোকে যোগদান কৰে ।

এই কাৰ্যসূচীত উপস্থিত থাকি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কয়, ‘‘ভৱেন্দ্ৰ নাথ মহন আৰু যুধিষ্ঠিৰ গগৈৰ যোগদানে ৰাইজৰ দলৰ শক্তি বৃদ্ধি কৰিব ।’’

লগতে পঢ়ক : আছু-বীৰ লাচিত সেনাৰ সদস্যই যোগ দিলে এন এছ ইউ আইত - NSUI Joining Programme

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.