সাতখন গাড়ীৰ পৰস্পৰৰ সংঘৰ্ষ: শিহৰণকাৰী দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা কেৰালাৰ মুখ্যমন্ত্ৰী - KERALA CMS CONVOY ACCIDENT
🎬 Watch Now: Feature Video
Published : Oct 28, 2024, 10:52 PM IST
তিৰুৱন্তপুৰম : কথাতে কয় বোলে 'ৰাখে হৰি মাৰে কোনে' । এই কথাকে পুনৰ প্ৰমাণিত হৈছে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন তথা তেওঁৰ কনভয়ত থকা অন্যান্যসকলৰ ক্ষেত্ৰত । কিয়নো এক শিহৰণকাৰী দুৰ্ঘটনাত পতিত হোৱা সত্ত্বেও কেৰালাৰ মুখ্যমন্ত্ৰী তথা আন কোনো লোক হতাহত নোহোৱাকৈ ৰক্ষা পৰে ।
সোমবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত তিৰুৱন্তপুৰমৰ ভামানাপুৰমত সংঘটিত হয় এই দুৰ্ঘটনাটো । দুৰ্ঘটনাটো ইমানেই গুৰুতৰ আছিল যে মুখ্যমন্ত্ৰীৰ বাহনৰ সৈতে পিছে পিছে আহি থকা কনভয়ৰ আন ছখন গাড়ীয়েও ইখনৰ পিছত সিখনে খুন্দা মাৰে । কিন্তু আচৰিত কথাটো হৈছে চিচি টিভি ফুটেজত ধৰা পৰা দৃশ্যমতে, দুৰ্ঘটনাটো গুৰুতৰ হ'লেও বাহনকেইখনৰ সামান্য ক্ষতি হোৱাৰ বাদে কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই ।
পাইলট কাৰখনে এগৰাকী স্কুটী আৰোহী মহিলাক বচাবলৈ হঠাৎ ব্ৰেক মাৰোতেই পিছে পিছে আহি থকা বাহনকেইখনে ইখনৰ পিছত সিখনত খুন্দা মাৰে ।
সংঘৰ্ষৰ সময়ত কনভয়টো তিৰুৱন্তপুৰমলৈ গৈ আছিল । পাইলট কাৰ, মুখ্যমন্ত্ৰীক কঢ়িয়াই নিয়া বাহন, এখন কমাণ্ডো বাহন, আৰক্ষীৰ বাহন আৰু এম্বুলেন্স দুৰ্ঘটনাটোত পতিত হয় ।
অৱশ্যে ইমান ডাঙৰ এটা দুৰ্ঘটনা সত্ত্বেও মুখ্যমন্ত্ৰীৰ বাহনখনৰ কোনো বিশেষ ক্ষতি হোৱা নাই আৰু তেওঁ পুনৰ যাত্ৰা আৰম্ভ কৰে । কিন্তু বামনপুৰমৰ ঘটনাস্থলীত অন্যান্য এছক'ৰ্ট বাহনবোৰ ৰখাই থবলগা হয় ।