সকলোৰে মংগল কামনাৰে কলিয়াবৰত শ্ৰীশ্ৰীব্ৰহ্মপুত্ৰ পূজা - Brahmaputra puja - BRAHMAPUTRA PUJA
🎬 Watch Now: Feature Video
Published : Jul 19, 2024, 6:27 PM IST
কলিয়াবৰ, ১৯ জুলাই: সকলোৰে মংগল কামনাৰে কলিয়াবৰ আঞ্চলিক ব্ৰাহ্মণ সমাজে শুকুৰবাৰে অনুষ্ঠিত কৰিলে শ্ৰীশ্ৰীব্ৰহ্মপুত্ৰ পূজা । কলিয়াবৰৰ হাতীমূৰাৰ দূৰ্গা মন্দিৰৰ সমীপতে ব্ৰহ্মপুত্ৰৰ পাৰত আয়োজন কৰে শ্ৰীশ্ৰীব্ৰহ্মপুত্ৰ পূজাৰ । এই অনুষ্ঠানত উপস্থিত থাকে কেবিনেট মন্ত্ৰী কেশৱ মহন্ত । কলংমুখৰ হাতীমূৰাৰ মথাউৰি ভাঙি কলিয়াবৰত প্ৰলয়ংকৰী বানৰ সৃষ্টি হয় । সেই বানত দিশহাৰা হয় কলিয়াবৰৰ হাজাৰ হাজাৰ পৰিয়াল । প্ৰাকৃতিক এনে দুৰ্যোগৰ পৰা পৰিত্ৰাণ বিচাৰি শুকুৰবাৰে পুৱাৰে পৰা অনুষ্ঠিত কৰে এই পূজাৰ ।
উল্লেখযোগ্য যে ১৯৬৪ চনতো ব্ৰাক্ষ্মণ সমাজে প্ৰাকৃতিক দুৰ্যোগৰ পৰা পৰিত্ৰাণ পাবলৈ কলিয়াবৰত আয়োজন কৰিছিল ব্ৰহ্মপুত্ৰ পূজা । প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পৰিছিল কলিয়াবৰ । এই বিশ্বাস অনুসৰিয়েই আয়োজন কৰা হয় ব্ৰহ্মপুত্ৰ পূজা আৰু যজ্ঞৰ । যোৱা ২ জুলাইত কলংমুখৰ কুকুৰকটা-হাতীমূৰা মথাউৰিত নিৰ্মিত শ্লুইছ গে'টৰ কাষেৰে মথাউৰি ভাঙি সৃষ্টি হৈছিল বান ।
কলিয়াবৰক পুনৰ বানমুক্ত কৰিবলৈ ব্ৰহ্মপুত্ৰৰে সংযোজিত নলাটো বন্ধ কৰিবলৈ জলসম্পদ বিভাগ এতিয়াও সক্ষম হোৱা নাই । এই পূজাৰ দ্বাৰা যাতে বিভাগীয় মন্ত্ৰী, আমোলা-কৰ্মচাৰী আৰু ঠিকাদাৰৰ শুভবুদ্ধি উদয় হয় আৰু অনতি পলমে ধাৰাটো বন্ধ কৰিব পাৰে তাকে কামনা কৰিছে কলিয়াবৰবাসীয়ে ।