বাক্সাৰ পুৰণ শ্ৰীপুৰ দেৱালয়ত দুদিনীয়া কাৰ্যসূচীৰে কালী পূজা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 1, 2024, 6:01 PM IST

বাক্সা: বাক্সা জিলাৰ বৰমাৰ আটাইকৈ পুৰণি দেৱালয় হৈছে পুৰাণ শ্ৰীপুৰ দেৱালয় । ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে দীপাৱলীৰ লগতে শ্যামা পূজা বা কালী পূজা । বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হোৱা শ্ৰীপুৰ দেৱালয়ৰ কালী পূজাত বিভিন্ন ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে । বাক্সাৰ শ্ৰীপুৰ দেৱালয়ত পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তই ভিৰ কৰিছে । পুৰণ শ্ৰীপুৰ দেৱালয়ত পুৱাৰে পৰা পূজা অৰ্চনা, খেৰাই নৃত্য, বন্তি প্ৰজ্বলন, বলিদানৰ লগতে পৰ্দা চিনেমা প্ৰদৰ্শন কৰা হয় । উদ্যোক্তাসকলে জনোৱা মতে পুৰাণ শ্ৰীপুৰ দেৱালয় গুৱাহাটীৰ মা কামাখ্যাৰ লগত সংলগ্ন আছে ৷ লগতে সোতৰশ শতিকাতে আহোম ৰজাৰ দিনৰে পৰাই ইয়াত পূজা-অৰ্চনা চলি আহিছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে । 

লগতে পঢ়ক: বেদখলকাৰীক উচ্ছেদৰ পাছত কচুতলীত উলহ মালহেৰে কালী পূজা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.