যোৰহাট জিলা কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ চাৰি শতাধিক খেলুৱৈৰ - Karate Championship - KARATE CHAMPIONSHIP
🎬 Watch Now: Feature Video


Published : Aug 26, 2024, 8:34 PM IST
যোৰহাট, ২৬ আগষ্ট : সোমবাৰে মৰিয়নীত অনুষ্ঠিত হয় যোৰহাট জিলা কাৰাটে সন্থাৰ চতুৰ্থ সংখ্যক কাৰাটে প্ৰতিযোগিতা । মৰিয়নী মাৰ্চিয়েল আৰ্ট এছোছিয়েছনৰ উদ্যোগত অসম অলিম্পিক সস্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত যোৰহাট জিলা কাৰাটে প্ৰতিযোগিতাখন মৰিয়নী মহাবিদ্যালয়ৰ ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় ।
উক্ত প্ৰতিযোগিতাত জিলাখনৰ ভিন্ন প্ৰান্তৰ চাৰি শতাধিক কাৰাটে খেলুৱৈয়ে অংশগ্ৰহণ কৰে । এই প্ৰতিযোগিতা সন্দৰ্ভত যোৰহাট জিলা কাৰাটে সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়, "এই চেম্পিয়নশ্বিপত সফলতাৰে উত্তীৰ্ণসকলে উজনি অসম ভিত্তিত অনুষ্ঠিত হ'বলগীয়া খেলত অংশগ্ৰহণ কৰিব । উজনি অসম ভিত্তিত অনুষ্ঠিত খেলত পাৰদৰ্শিতা দেখুওৱা প্ৰতিযোগীসকলে অসম ভিত্তিত অনুষ্ঠিত খেলত অংশগ্ৰহণ কৰিব পাৰিব ।"
মৰিয়নীত অনুষ্ঠিত চতুৰ্থ সংখ্যক যোৰহাট জিলা কাৰাটে চেম্পিয়নশ্বিপত গ্ৰামাঞ্চলৰ খেলুৱৈৰ অংশগ্ৰহণ আছিল আশাপ্ৰদ ।