13 খন আসন বিজেপিয়ে লাভ কৰিব বুলি দাবী মন্ত্ৰী জয়ন্ত‌‌ মল্ল‌বৰুৱাৰ

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 8:28 AM IST

thumbnail

গুৱাহাটী, 17 মাৰ্চ: শনিবাৰে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগেই উৎফুল্লিত হৈ পৰা দেখা গৈছে অসম বিজেপি । নিৰ্বাচন আয়োগক অসম বিজেপিৰ তৰফৰ পৰা ধন্যবাদ জনাই অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । বৰুৱাই কয়, "নিৰ্বাচন আয়োগে অসমৰ বিহুৰ প্ৰতি লক্ষ্য ৰাখিছে । যাৰ বাবে 3 টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰিছে । সকলো দলৰ বাবে ভাল হ'ব । এটা সুন্দৰ পৰিৱেশ পাব প্ৰচাৰ কৰাৰ বাবে । জনপ্ৰতিনিধিয়ে ৰাইজৰ কাষলৈ যাবলৈ সময় পাব ৷"

লগতে বৰুৱাই কয় যে দিন ঘোষণাৰ লগে লগেই বিজেপিৰ লক্ষ্য স্থিৰ হৈছে । আত্মবিশ্বাস আৰু প্ৰবল হ'ল যে 13 খন আসন লাভ কৰিব বিজেপিয়ে । উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ প্ৰচাৰত নমাৰ বাবে শনিবাৰে গুৱাহাটীৰ বাজপেয়ী ভৱনত অনুষ্ঠিত হয় নিৰ্বাচনী প্ৰচাৰৰ ৰণকৌশল প্ৰস্তুতি সভা । 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত অনুষ্ঠিত হয় এই সভাখন । বিজেপিৰ বিধায়ক, প্ৰাৰ্থী, প্ৰভাৰী, মণ্ডল আৰু ক্ষেত্ৰভিত্তিক কৰ্মীসকল উপস্থিত থাকে এই সভাত ।

লগতে পঢ়ক: যোৰহাট লোকসভা সমষ্টিত জিকিব বুলি আত্মবিশ্বাসী সাংসদ গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.