thumbnail

নলবাৰীত প্ৰধানমন্ত্ৰী মোদী : জনসভাথলী পৰ্যবেক্ষণ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ - Lok Sabha election 2024

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 4:03 PM IST

নলবাৰী , ১ এপ্ৰিল : বিহুৰ পিচতে নলবাৰীত লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । সোমবাৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ধুবুৰী- বঙাইগাঁও অভিমুখে নিৰ্বাচনী প্ৰচাৰৰ বাবে হেলিক'প্টাৰেৰে গৈ থকা অৱস্থাত নলবাৰীত প্ৰধানমন্ত্ৰীৰ জনসভাৰ স্থান পৰিদৰ্শন কৰে ৷

প্ৰায় দুই লক্ষ সমৰ্থকৰ উপস্থিতিত বিহুৰ পিচতে নলবাৰী বৰকুৰাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা এখন মুকলি পথাৰত এই দলীয় সভাৰ আয়োজন কৰাৰ প্ৰস্তুতি চলোৱা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । ইতিমধ্যে নলবাৰী জিলা বিজেপিৰ কৰ্মকৰ্তা সকলে সভাখনকলৈ অধিক তৎপৰ হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ যে, প্ৰধানমন্ত্ৰীগৰাকীয়ে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কিমান তাৰিখে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও নলবাৰীত প্ৰধানমন্ত্ৰীগৰাকীৰ জনসভাখনে বিজেপি আৰু মিত্ৰজোঁটৰ দলীয় কৰ্মীসকলক আৰু অধিকভাবে শক্তিশালী কৰি তুলিব বুলি আশাবাদী বিজেপি দলটো ৷

লগতে পঢ়ক: কংগ্ৰেছৰ পৰা কোনো মুখ্যমন্ত্ৰী হ’ব নোৱাৰে বুলি কিয় ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই - Lok sabha Elections 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.