জাপানীজ এনকেফেলাইটিছ নে যক্ষ্মা ? কিশোৰীৰ মৃত্যুক লৈ প্ৰতিক্ৰিয়া - Teen girl dies in Jorhat - TEEN GIRL DIES IN JORHAT

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 9:08 PM IST

যোৰহাট, ২৫ জুলাই: যোৰহাট তিতাবৰ লেটেকুজান চাহ বাগিচাত গোৱালা উপাধিৰ এগৰাকী 17 বছৰীয়া কিশোৰী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ২২ জুলাইত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যুমুখত পৰিছিল আৰু এই তথ্য স্বাস্থ্যকৰ্মীয়ে লুকুৱাইছিল বুলি অভিযোগ কৰিছিল সদৌ অসম আদিবাসী মহিলা সন্থাই । ইয়াৰ পাচতেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যোৰহাট জিলা যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ সঞ্চালক ডাঃ ডি কে দেৱশৰ্মাই ।

তিতাবৰ লেটেকুজান চাহ বাগিচাৰ কিশোৰীগৰাকী জাপানীজ এনকেফেলাইটিছত নহয়, যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে বুলি মন্তব্য কৰিছে সঞ্চালক ডাঃ ডি কে দেৱশৰ্মাই । দেৱশৰ্মাই উল্লেখ কৰা মতে, পূৰ্বেও কিশোৰীগৰাকী যক্ষ্মা ৰোগত আক্ৰান্ত হোৱা বুলি পঞ্জীয়ন হৈ আছে ৷ যক্ষ্মা হৈ কিশোৰীগৰাকী হাওঁফাওঁত পানী জমা হোৱাৰ বাবে মৃত্যুমুখত পৰিছে বুলি তেওঁ সন্দেহ কৰে ৷ চিকিৎসকৰ দলৰ লগত আলোচনা কৰাৰ পাচতহে কিশোৰীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হ’ব বুলি উল্লেখ কৰে দেৱশৰ্মাই ।

লগতে পঢ়ক: স্বাস্থ্য বিভাগে লুকুৱাইছে জাপানীজ এনকেফেলাইটিছত মৃত্যুৰ তথ্য : অভিযোগ আদিবাসী মহিলা সন্থাৰ - Japanese Encephalitis in Assam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.