এনকেফেলাইটিছ : কলিয়াবৰত আক্ৰান্তৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি - Japanese Encephalitis - JAPANESE ENCEPHALITIS
🎬 Watch Now: Feature Video


Published : Jul 28, 2024, 2:29 PM IST
কলিয়াবৰ, ২৮ জুলাই : বানৰ পাচতে এইবাৰ কলিয়াবৰত ক্ৰমাৎ জাপানীজ এনকেফেলাইটিছ ৰোগে লৈছে ভয়াৱহ ৰূপ ৷ শেহতীয়াকৈ গৰৈমাৰী গাঁৱৰ এটি চাৰিবছৰীয়া শিশু আৰু নলতলী গাঁৱৰ চানু বৰা নামৰ এগৰাকী মহিলা জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে । আনকি এই ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাতে যোৱা ২৩ জুলাইত মৃত্যু মুখত পৰে সোণাৰী গাঁৱৰ সুজিৎ চাংমাই বৰুৱা নামৰ এজন লোক ।
ইতিমধ্যে স্বাস্থ্য বিভাগে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীসকলৰ গাঁৱে-গাঁৱে আৰম্ভ কৰিছে আঠুৱা ঔষধীকৰণ আৰু ফ'গিঙৰ ব্যৱস্থা । এই ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটা এলেকাত ৰাইজৰ মাজত সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ঘৰে ঘৰে গৈ স্বাস্থ্যকৰ্মীয়ে অঞ্চলবাসীৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাও ৰাখিছে । কোনো লোকৰ ঘৰৰ চৌহদত যাতে পানী জমা হৈ নাথাকে আৰু চৌহদ সদায় চাফ চিকুণ হৈ থাকে, তাৰ প্ৰতি সজাগ হ’বলৈ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আহ্বান জনায় ৷