মাজুলীত বান : ঘৰ-ভেঁটি হেৰুওৱা তিনিটা পৰিয়াললৈ আংশিক সহায়ৰ হাত সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামীৰ - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 8:09 PM IST

thumbnail
বানাক্ৰান্তৰ কাষত সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামী (ETV Bharat Assam)

মাজুলী, 9 জুলাই: মাজুলীৰ ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰই বিভিন্ন সময়ত বিভিন্নজনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াই আহিছে । এইবাৰ সত্ৰখনৰ সত্ৰাধিকাৰগৰাকীৰ লগতে সত্ৰৰ ভকত-বৈষ্ণৱক বানপীড়িত লোকৰ মাজত সহায়ৰ হাত আগবঢ়োৱা দেখা গ’ল ।

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে আউনিআটি সত্ৰৰ সমীপৰ জুগুণধাৰী গাঁও আৰু বোকোৰা গাঁৱৰ মাজৰ মথাউৰিৰ এটা অংশ কিছুদিন পূৰ্বে উটুৱাই লৈ গৈছিল । মাজুলীৰ জুগুণধাৰীৰ মাথাউৰি ভাঙি ঘৰ-ভেঁটি হেৰুওৱা তিনিটা পৰিয়ালৰ লগতে আংশিক ক্ষতি হোৱা এটা পৰিয়ালক উত্তৰ কমলাবাৰী সত্ৰৰ হৈ সাহাৰ্য প্ৰদান কৰে সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামীয়ে । 

ঐতিহাসিক সত্ৰখনৰ ফালৰ পৰা এই পৰিয়ালকেইটাৰ মাজত বাচন-বৰ্তনকে আদি কৰি আন আন প্ৰয়োজনীয় সামগ্ৰী আৰু খাদ্য সামগ্ৰী বিতৰণ কৰা হয় । সত্ৰাধিকাৰগৰাকীয়ে চিগা অংশ পৰিদৰ্শন কৰি চিগা অংশটো খৰতকীয়াকৈ নিৰ্মাণ কৰি দিবৰ বাবে চৰকাৰ-প্ৰশাসনলৈ আহ্বান জনায় ।

লগতে পঢ়ক: নিৰূপায় বন্যাৰ্ত; নাৱত আহিছে ভকত, পথৰ ওপৰতে পুত্ৰই পাতিলে পিতৃৰ আদ্যশ্ৰাদ্ধ - Assam Flood 2024

বান পৰিস্থিতি সামান্য উন্নত: যোৱা ২৪ ঘণ্টাত ছজনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭২ লৈ বৃদ্ধি - Assam Flood 2024

কান্ধত সামগ্ৰী তুলি বানাক্ৰান্তক সাহাৰ্য বিতৰণ বিধায়কৰ - Assam Flood 2024

ধেমাজিত এতিয়াও জলমগ্ন ১৪০ খন গাঁও : কেন্দ্ৰক সমালোচনা সাংসদ অজিত কুমাৰ ভূঞাৰ - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.