বিজেপিক শাসনৰ পৰা আঁতৰাবলৈ আৰু ৫০ বছৰ লাগিব কংগ্ৰেছক: জিতু গোস্বামী - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024
🎬 Watch Now: Feature Video
Published : Apr 24, 2024, 4:54 PM IST
নগাঁও, ২৪ এপ্ৰিল: দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্ত পৰিব । অন্তিম প্ৰচাৰৰ দিনা কংগ্ৰেছে নগাঁৱত তিনি গগৈ ক্ৰমে গৌৰৱ গগৈ, লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈৰ উপস্থিতিত আয়োজন কৰিছে প্ৰচাৰ ৰেলীৰ । কংগ্ৰেছৰ প্ৰচাৰ ৰেলীৰ লগতে নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ, সংখ্যালঘু অধ্যুষিত এলেকাত বিজেপিৰ প্ৰচাৰ আদি কেবাটাও বিষয়ক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে ।
কংগ্ৰেছৰ কফিনত শেষ গজাল মাৰিবলৈ নগাঁৱত তিনি গগৈ উপস্থিত হোৱা বুলি কটাক্ষ কৰে বিধায়ক জিতু গোস্বামীয়ে । লগতে সংখ্যালঘু ৰাইজেও এইবাৰ নিৰ্বাচনত কংগ্রেছক বিদায় দিব বুলি দাবী কৰে বিজেপি বিধায়কগৰাকীয়ে । লগতে ৬০ বছৰ শাসনত থকা কংগ্রেছক গাদীচ্যুত কৰা বিজেপিক শাসনৰ পৰা আঁতৰাবলৈ কংগ্ৰেছক আৰু ৫০ বছৰ লাগিব বুলিও মন্তব্য কৰে বিধায়ক জিতু গোস্বামীয়ে ।