ধুবুৰীত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ মহৰম উদযাপন - Holy Muharram

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 7:56 PM IST

thumbnail
পৱিত্ৰ মহৰম উদযাপন (ETV Bharat Assam)

ধুবুৰী,১৭ জুলাই: আজি পৱিত্ৰ মহৰম । পৱিত্ৰ মহৰম উপলক্ষে ধুবুৰীত বিৰাজ কৰে এক উখল-মাখল পৰিৱেশ । প্ৰতি বছৰৰ দৰে এইবেলিও মহৰম উপলক্ষে ধুবুৰী চহৰত উলিওৱা হয় বিশাল শোভাযাত্ৰা । ইছলাম ধৰ্মৰ মতে, আজিৰ পৱিত্ৰ দিনটোতেই আল্লাহে সৃষ্টি কৰিছিল পৃথিৱীখন । কাফেৰৰ সৈতে যুদ্ধ কৰি কাৰবালা মৈদানত শ্বহীদ হৈছিল মদিনা শ্বৰীফৰ ইমাম হাচান-হুছেইন । তেতিয়াৰ পৰাই ইমাম হাচান-হুছেইন দুই ভাতৃৰ নামত ইছলাম ধৰ্মাৱলম্বী লোকসকলে দুটাকৈ ৰোজা ৰাখে ।  

মহৰম উপলক্ষে মদিনা শ্বৰীফৰ প্ৰতীক লৈ হাতে হাতে লাঠী আৰু ইছলামিক পতাকা লৈ শোভাযাত্ৰা উলিয়াই ধুবুৰী চহৰত । শোভাযাত্ৰা উলিওৱাৰ পূৰ্বে সকলোৱে প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয় । ৰাজপথত ঠায়ে ঠায়ে উখল-মাখল পৰিৱেশৰ মাজেৰে লাঠী খেল পৰিৱেশন কৰি ৰাইজে আনন্দ-উল্লাস কৰে ধুবুৰী চহৰত ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.