thumbnail

সুৰেশ বৰাৰ প্ৰাৰ্থিত্বক লৈ নগাঁও বিজেপিত সঁচাকৈয়ে আছে নেকি অসন্তুষ্টি ? - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 10:45 PM IST

নগাঁও, 2 এপ্ৰিল: সকলো বিতৰ্কৰ ওৰ পেলায় অৱশেষত ই টিভি ভাৰতৰ সন্মুখত মুখ খুলিছে নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথে । সদ্য কংগ্ৰেছত্যাগী তথা ন বিজেপি নেতা সুৰেশ বৰাক বিজেপি দলে নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ আৰম্ভ হৈছিল নানা চর্চা ।

বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ প্ৰাৰ্থিত্বক লৈ বিজেপি দলৰেই একাংশ নেতা-কৰ্মী অসন্তুষ্ট বুলিও চলি আছে চর্চা । আনকি নগাঁও জিলা বিজেপিৰ সভাপতিৰ বিৰুদ্ধেও উত্থাপন হৈছিল দলীয় প্ৰাৰ্থীক সহযোগ নকৰাৰ অভিযোগ । ইয়াৰ মাজতেই ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ই টিভি ভাৰতত মুখ খুলিছে নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথে ।

ই টিভি ভাৰতৰ সন্মুখত নগাঁও লোকসভা সমষ্টিক লৈ আৰু কি কি ক’লে বিজেপি নেতা অভিজিৎ নাথে? যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ কিয় ফেক্টৰ নহয় বুলি ক’লে অভিজিৎ নাথে? সকলো সামৰি বিজেপি নেতা অভিজিৎ নাথৰ সৈতে ই টিভি ভাৰতৰ এক সাক্ষাৎকাৰ ।

লগতে পঢ়ক: ভূপেন বৰাক ছাদ্দাম হুছেইনৰ সৈতে তুলনা অগপ সভাপতি অতুল বৰাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.