গোলাঘাটৰ কাবৰুগাঁৱত মেঠোনৰ সন্ত্ৰাস : আতংকিত অঞ্চলবাসী - ASSAM FLOOD 2024

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 6:07 PM IST

thumbnail
গোলাঘাটত মেঠোনৰ সন্ত্ৰাস (ETV Bharat Assam)

গোলাঘাট, ২০ জুন : গোলাঘাটত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ এটা বনৰীয়া মেঠোনৰ । গোলাঘাটৰ কাবৰুগাঁৱত স্থানীয় ৰাইজে এটা বনৰীয়া মেঠোন প্ৰত্যক্ষ কৰাৰ পাচতে তীব্ৰ আতংকৰ সৃষ্টি হয় স্থানীয় ৰাইজৰ মাজত ।

অৱশ্যে খবৰ লাভ কৰাৰ পিচত উক্ত স্থানত গোলাঘাট বন বিভাগৰ এটা দল উপস্থিত হৈ মেঠোনটোৰ গতিবিধি নিৰীক্ষণত ৰাখিছে । ইয়াৰ উপৰি মেঠোনটো নিয়ন্ত্ৰণ কৰিবলৈ কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ খবৰ দিছে ।

আনহাতে, ভয়াৰ্ত মেঠোনটোৱে কেতিয়াবা যদি পথাৰ আৰু কেতিয়াবা গৃহস্থৰ পদূলিত দৌৰি ফুৰাক কেন্দ্ৰ কৰি এক প্ৰকাৰৰ গৃহবন্দী হৈ পৰিছে কালুগাঁৱৰ ৰাইজ । ইফালে উক্ত স্থানত উপস্থিত হোৱা আঞ্চলিক বন বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, অত্যধিক মাত্ৰাত বৰষুণৰ ফলত নামবৰ বনাঞ্চলৰ পৰা পথভ্ৰষ্ট হৈ জনাঞ্চলত প্ৰৱেশ কৰিছে মেঠোনটো ।

ইয়াৰ উপৰি মেঠোন সাধাৰণতে খুব সংবেদনশীল হোৱাৰ বাবেই ৰাইজে কিছু পৰিমাণে সজাগ হ'ব লাগিব । নহ'লে এই প্ৰাণীটো সুকলমে উদ্ধাৰ কৰি নিৰ্দিষ্ট স্থানত পুনৰ মুকলি কৰিবলৈ অসুবিধা হ'ব বুলিও তেওঁ কয় ।

লগতে পঢ়ক :ৰাজ্যৰ ১৯ খন জিলাৰ ৫৭৯ খন গাঁও বানৰ কবলত, অধিক জটিল পৰিস্থিতি কৰিমগঞ্জ-নলবাৰীত - ASSAM FLOOD 2024

লগতে পঢ়ক :ভূৰবন্ধাত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন বিধায়ক নুৰুল হুদাৰ - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.