সম্পূৰ্ণৰূপে খহিল বৰচুঙৰ নিৰ্মীয়মান অৱস্থাত থকা ৬ কোটি টকীয়া জলসম্পদ বিভাগৰ শিল বান্ধ - River embankment

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 9:42 AM IST

thumbnail
কোটি টকীয়া জলসম্পদ বিভাগৰ শিল বান্ধ (ETV Bharat Assam)

বঢ়মপুৰ, 27 জুন : বানে ধোৱা কামপুৰত পুনৰ আন এক দুৰ্যোগ । এটাৰ পাচত আনটো বিপদে যেন লগ নেৰা হৈছে কামপুৰবাসীক । কপিলী নদীৰ ত্ৰাসৰ বাবে এতিয়া পুনৰ শংকিত হৈ পৰিছে কপিলীপৰীয়া ৰাইজ ৷ কপিলী নদীৰ জলপৃষ্ঠ কমাৰ লগে লগে এতিয়া ভাবুকি আহি পৰিছে মথাউৰিসমূহলৈ ।

কিয়নো সম্পূৰ্ণৰূপে খহি গ'ল কামপুৰৰ বৰচুঙৰ নিৰ্মীয়মান অৱস্থাত থকা 6 কোটি টকীয়া জলসম্পদ বিভাগৰ শিল বান্ধ । তাচপাতৰ দৰে খহি যোৱাত এতিয়া আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷ যাৰবাবে বুধবাৰে নিশা কপিলী নৈ পাৰলৈ আহি ঠিকাদাৰ আৰু জলসম্পদ বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে ।

উল্লেখ্য যে, চৰকাৰ তথা প্ৰশাসনলৈ স্থানীয় ৰাইজৰ আহ্বান, অতিশীঘ্ৰে শিল বান্ধটো যাতে পুনৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰে ৷ অন্যথা অনাগত দিনত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে নৈপৰীয়া বৰচুংবাসী ৰাইজে ।

লগতে পঢ়ক : কলাজল নৈত শীঘ্ৰে মথাউৰি নিৰ্মাণৰ আশ্বাস পীযুষ হাজৰীকাৰ - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.