১০২ খন আসনৰ ভিতৰত ইণ্ডিয়া ব্লকে ৭০ শতাংশ আসন লাভ কৰিব: নাছিৰ হুছেইনে - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 1:37 PM IST

গুৱাহাটী,২৪ এপ্ৰিল: প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পাছতে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি পাইছে শাসক-বিৰোধীৰ । ইয়াৰ মাজতে দেশত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা ১০২ খন আসনৰ ভিতৰত ইণ্ডিয়া ব্লকে ৭০ শতাংশ আসন লাভ কৰিব বুলি দাবী কৰে কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ নাছিৰ হুছেইনে । গুৱাহাটীত বুধবাৰে অনুষ্ঠিত এখন সংবাদমেলত কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ নাছিৰ হুছেইনে দাবী কৰি কয় যে কংগ্ৰেছৰ বিভিন্ন কৰ্মী আৰু বিশ্লেষকৰ বিভিন্ন চহৰ আৰু গাঁৱত চলোৱা সমীক্ষা মতে কংগ্ৰেছ দলে প্ৰথম‌ পৰ্যায়ৰ নিৰ্বাচনত যথেষ্ট ভাল ফল কৰিব । তেওঁ কয় যে অসমতো প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল যথেষ্ট ভাল হ'ব ।  

লগতে তেওঁ অধিকাংশ ভোট কংগ্ৰেছৰ প্ৰাৰ্থীয়ে লাভ কৰিছে বুলি দাবী কৰি কয় যে কংগ্ৰেছ তথা ইণ্ডিয়া ব্লক শাসনলৈ আহিলে অসমৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হ'ব । লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰত বিশেষ মনোযোগ দিয়া হ'ব । সংবাদমেলত তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয় য শৰ্মাই অসম তথা অসমৰ বাহিৰত নিৰ্বাচনী প্ৰচাৰ চলোৱা সময়ত অকল বিভেদমুখী ভাষণ দিয়ে ।‌ হিন্দু-মুছলমানৰ মাজত বিদ্বেষভাব সৃষ্টি কৰি সাম্প্ৰদায়িক বিষবাষ্প বিয়পায় । সংবাদমেলত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিভেদমুখী ভাষণৰো সমালোচনা কৰা পৰিলক্ষিত হয় । 

লগতে পঢ়ক: অমিত শ্বাহৰ নিৰ্দেশত অসমত চাকমা-হাজং লোকক অসমত সংস্থাপনৰ চক্ৰান্ত মুখ্যমন্ত্ৰীৰ: ভূপেন বৰা - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.