thumbnail

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 4:47 PM IST

ETV Bharat / Videos

টিংখাঙত দেৰ বছৰেও অসম্পূৰ্ণ অমৃত সৰোবৰ

মৰাণ, ২১ জানুৱাৰী : টিংখাঙত প্ৰসহনত পৰিণত অমৃত সৰোবৰ আঁচনি । দেৰ বছৰেও সম্পূৰ্ণ নহ'ল অমৃত সৰোবৰৰ নামত খন্দা পুখুৰী । টিংখাং উন্নয়ন খণ্ডৰ অধীনস্থ শুকানপথাৰ গাঁৱৰ শান্তনু গগৈ নামৰ লোকজনৰ পথাৰত ৫ বিঘা মাটিত অমৃত সৰোবৰ আঁচনিৰ পুখুৰী খন্দা হৈছিল । পুখুৰী খন্দাৰ বাবে অনুমোদন কৰা হৈছিল ১০ লাখ টকা । কিন্তু মুঠ অনুমোদিত পুঁজিৰ প্ৰায় ৪ লাখ টকাৰ কামহে ইতিমধ্যে সম্পন্ন হৈছে ।  

যোৱা ২০২২ৰ ২ জুনত আৰম্ভ হোৱা এই প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল সেই বৰ্ষৰে ১৩ আগষ্টত । পৰিতাপৰ বিষয় যে উক্ত নিৰ্ধাৰিত তাৰিখত সম্পূৰ্ণ হ'বলগীয়া পুখুৰীৰ কাম প্ৰায় দেৰ বছৰ উকলি যোৱাৰ পাছতো আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল । এই অমৃত সৰোবৰ আঁচনিৰ পুখুৰী সম্পূৰ্ণ নোহোৱাত এতিয়া বিপাঙত পৰিছে ভূমিৰ গৰাকী । পুখুৰীৰ বাবে নিৰ্ধাৰিত ভূমিত পূৰ্বতে বাম খেতিৰ বাবে ব্যৱহাৰ কৰি আহিছিল ।  

আনহাতে, শুকানপথাৰ অঞ্চলৰ খেতিয়কৰ বাবেও এই অমৃত সৰোবৰ আঁচনিয়ে যথেষ্ট সকাহ প্ৰদান কৰিব বুলি আশা কৰিছিল সকলোৱে । কিন্তু কাৰ্যক্ষেত্ৰত সকলো ফুটুকাৰ ফেন হৈ পৰিল । সেয়ে অসম্পূৰ্ণ হৈ থকা এই আচঁনি অতি শীঘ্ৰে সম্পূৰ্ণ কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে মাটিৰ গৰাকীয়ে ।

লগতে পঢ়ক:ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা, লক্ষ্ণৌত ১৪৪ ধাৰা জাৰি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.