ট্ৰেক্টৰ নহয়, আজিও গৰু হালেৰেই মাটি চহাইছে মংলা মুৰ্মুৱে - Traditional farming

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 8:04 PM IST

thumbnail
ট্ৰেক্টৰ নহয়, আজিও গৰু হালেৰে মাটি চহাইছে সৰুপথাৰৰ এজন কৃষকে (ETV Bharat)

সৰুপথাৰ,২৯ জুন : বৰ্তমান প্ৰায় সকলো ক্ষেত্ৰতে বিজ্ঞানৰ অগ্ৰগতি দেখা গৈছে । প্ৰতিটো ক্ষেত্ৰতে আধুনিক যন্ত্ৰ-পাতিৰ ব্যৱহাৰ হৈছে । কৃষিকৰ্ম বা খেতি পথাৰতো যন্ত্ৰ-পাতিৰ বহুল প্ৰয়োগ দেখা গৈছে । এতিয়া অধিকাংশ কৃষকে মাটি চহাবলৈ কেৱল ট্ৰেক্টৰৰ ওপৰতে নিৰ্ভৰ কৰে । কিন্তু গোলাঘাট জিলাৰ সৰুপথাৰৰ টেঙাহোলা গাঁৱৰ পথাৰত এতিয়াও গৰুৰে হাল বোৱাত ব্যস্ত এজন কৃষক । নাম তেওঁৰ মংলা মুৰ্মু ৷ ট্ৰেক্টৰ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে কৃষকজনে নিজৰ গৰু হালেৰে মাটি চহাই থকা দেখা যায় আজিও । এই দৃশ্যই সকলোকে আকৰ্ষণ কৰিছে ।

যান্ত্ৰিকতাৰ যুগত খেতিপথাৰত গৰু হালৰ স্থান নোহোৱা হৈছে যদিও তেওঁ সেই পৰম্পৰাগত পদ্ধতি এৰি দিয়া নাই । একপ্ৰকাৰ কৃষকজনে উপভোগ কৰিছে পথাৰৰ প্ৰকৃত মাদকতা । কৃষকজনৰ মতে তেওঁ বহু বছৰৰ পৰাই এনেদৰে গৰু হালেৰে মাটি চহাই আহিছে । এক কথাত ক'বলৈ গ'লে যান্ত্ৰিকতাৰ কৰাল গ্ৰাসৰ পৰা মুক্ত তেওঁ । কেঁচা মাটিৰ গোন্ধ যেন তেওঁ ভালকৈয়ে উপভোগ কৰিছে । সচৰাচৰ এই দৃশ্য বৰ্তমানৰ পথাৰত দেখা নাযায় । কৃষকসকলে আধুনিক পদ্ধতিক আঁকোৱালি লৈছে যদিও সৰুপথাৰৰ এইগৰাকী কৃষক কিন্তু ব্যতিক্ৰম ।

লগতে পঢ়ক :সাগৰীয় মাছৰ পৰা থলুৱা মাছলৈ : ড° নৃপেন্দ্ৰ নাথ শৰ্মাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠিছে মৎস্য সংগ্ৰহালয় - Fish museum

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.