গো মাংস কাটি থাকোতেই ধৰা পেলালে আৰক্ষীয়ে : দুজনৰ পলায়ন
🎬 Watch Now: Feature Video
Published : Feb 15, 2024, 8:06 PM IST
নলবাৰী, ১৫ ফেব্ৰুৱাৰী : নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত মিলন বজাৰত বৃহস্পতিবাৰে গো হত্যা কৰি কাটি থকা অৱস্থাতে এজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষী । ইয়াৰে এজন ব্যৱসায়ীক যদিও আৰক্ষীয়ে আটক কৰে, ব্যৱসায়ৰ লগত জড়িত মূল অভিযুক্ত দুজন কিন্তু ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয় । জানিব পৰা মতে দীৰ্ঘদিন ধৰি মিলন বজাৰত অবৈধভাৱে মুকলিকৈ গো হত্যা কৰি ইয়াৰ মাংস বিক্ৰী কৰি আহিছিল তেওঁলোকে ।
বৃহস্পতিবাৰে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত বৰাৰ নেতৃত্বত আৰক্ষী বিষয়া লিটুমনি শৰ্মাই আছেদ আলি (১৮) নামৰ এজন যুৱকক কৰায়ত্ত কৰি ঘগ্ৰাপাৰ আৰক্ষী থানালৈ লৈ আহি জেৰা অব্যাহত ৰাখিছে । আনহাতে ইয়াৰ লগত জড়িত মূল অভিযুক্ত ছাদ্দাম আলী আৰু নুৰ ইছলাম নামৰ লোক দুজন পলাই যাবলৈ সক্ষম হয় । ঘগ্ৰাপাৰ আৰক্ষীয়ে বৰ্তমান লোক দুজনৰ সন্ধানত তীব্ৰ অভিযান চলাই আছে ।
লগতে পঢ়ক : ডুমডুমাত হিন্দু দল-সংগঠনে জব্দ কৰিলে বাহনসহ গো-মাংস