প্ৰয়োজনত বাংলাদেশী হিন্দুক ভাৰতৰ নাগৰিকত্ব প্ৰদানৰ দাবী বিশ্ব হিন্দু পৰিষদৰ - Bangladesh crisis

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 12:13 PM IST

thumbnail
প্ৰয়োজনত বাংলাদেশী হিন্দুক ভাৰতৰ নাগৰিকত্ব প্ৰদানৰ দাবী বিশ্ব হিন্দু পৰিষদৰ (ETV Bharat Assam)

শিলচৰ, 9 আগষ্ট: "বাংলাদেশৰ পৰা হিন্দুসকল ভাৰতলৈ আহিলে তেওঁলোকক আশ্ৰয় দিব লাগিব ৷ প্ৰয়োজনত চৰকাৰে নাগৰিকত্ব আইন সংশোধন কৰি হ’লেও বাংলাদেশী হিন্দুক নাগৰিকত্ব দিব লাগিব ৷" বাংলাদেশত শেহতীয়াকৈ উদ্ভৱ হোৱা অশান্তজৰ্জৰ পৰিস্থিতিৰ পিচতেই দেশখনৰ হিন্দুসকলক সুৰক্ষা প্ৰদানৰ দাবী জনাইছে বিশ্ব হিন্দু পৰিষদে ৷

শিলচৰত এই হুংকাৰ প্ৰদান কৰি বিশ্ব হিন্দু পৰিষদ, গুৱাহাটীৰ প্ৰচাৰ প্ৰমুখ পূৰ্ণ চন্দ্ৰ মণ্ডলে কয়, "পদ ত্যাগ কৰি দেশ এৰি ইতিমধ্যো পলায়ন কৰিব লগা হৈছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই । হাছিনাৰ পদত্যাগৰ পাছত বাংলাদেশত সংখ্যালঘুৰ ওপৰত আৰম্ভ হৈছে নিৰ্যাতন ৷ দেশখনৰ বিভিন্ন স্থানত হিন্দু লোকক আক্ৰমণ কৰাৰ লগতে তেওঁলোকৰ ঘৰ-বাৰী, মন্দিৰ আদিত উগ্ৰ মৌলবাদীসকলে অত্যাচাৰ চলাইছে ৷ এই অৱস্থাত অসহায় হৈ পৰিছে দেশখনত বসবাস কৰা সংখ্যালঘু লোকসকল ৷’’

‘‘হিন্দু লোকসকল ভাৰত তথা অসমলৈ আহি আশ্ৰয় গ্ৰহণ কৰিব বিচাৰিলে তেওঁলোকক চৰকাৰে আশ্ৰয় দিব লাগিব । নাগৰিকত্ব আইনৰ সংশোধনী কৰি বাংলাদেশী হিন্দুক নাগৰিকত্ব দিব লাগিব । কাৰণ হিন্দুসকলৰ এইমাত্ৰ দেশ হৈছে ভাৰত ।" পূৰ্ণ চন্দ্ৰ মণ্ডলে কয় ৷

লগতে পঢ়ক: ভাৰতীয় পাছপ’ৰ্ট থকা লোকসকলকহে অসমত প্ৰৱেশৰ অনুমতি দিয়া হ’ব : আৰক্ষী সঞ্চালকপ্ৰধান - ASSAM DGP ON BANGLADESH VIOLENCE

বাংলাদেশৰ সংকটে ভাৰতক কেনেদৰে প্ৰভাৱিত কৰিব - Bangladesh Political Crisis

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.