নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ: সৰুপথাৰত ৰাজ্যৰ শতাধিক যাত্ৰী কঢ়িওৱা বাহনৰ সমাগম - pm modi assam visit
🎬 Watch Now: Feature Video


Published : Mar 8, 2024, 6:53 PM IST
সৰুপথাৰ, ৮ মাৰ্চ : শুকুৰবাৰে অসমলৈ আহিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । গোলাঘাট জিলাৰ কাজিৰঙাত নিশাটো কটাব প্ৰধানমন্ত্ৰীয়ে । পিছদিনা যোৰহাটত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উদ্বোধন কৰিব আৰু এখন জনসভাত অংশগ্ৰহণ কৰিব । অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যাত্ৰাক লৈ সৰুপথাৰৰ কুশল কোঁৱৰ ষ্টেডিয়ামত শতাধিক গাড়ীৰ সমাগম ঘটিছে । সৰুপথাৰ সমষ্টিৰ পৰাই ৰাওনা হ’ব হাজাৰ হাজাৰ লোক ।
গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ পৰা বিজেপিৰ বহুসংখ্যক কাৰ্যকৰ্তাৰ লগতে সৰুপথাৰৰ ৰাইজে মোদীৰ জনসভাত অংশগ্ৰহণ কৰিব । তাৰ বাবেই ৰাইজক নিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা গাড়ীসমূহৰ সৰুপথাৰৰ কুশল কোঁৱৰ ষ্টেডিয়ামত সমাগম ঘটিছে । কেইবা শতাধিক গাড়ী লৈ অনা হৈছে । কাইলৈ পুৱাই সৰুপথাৰৰ পৰা হাজাৰ হাজাৰ লোক যোৰহাটৰ জনসভালৈ ৰাওনা হ’ব ।
উল্লেখ্য যে, দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী যি কাজিৰঙাত নিশা কটাব । লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসমলৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহি কেইবাটাও উন্নয়নমূলক প্ৰকল্প ৰাইজৰ বাবে আগবঢ়াব বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : 'কা' বিৰোধী প্ৰতিবাদৰ দিন সলনি কৰিলে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যই