অসম নাগালেণ্ড সীমান্তত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ - Anti Drug Mission - ANTI DRUG MISSION
🎬 Watch Now: Feature Video


Published : Jul 14, 2024, 7:52 PM IST
সৰুপথাৰ,১৪ জুলাই: ৰাজ্যত বৰ্তমানো অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । সৰুপথাৰত ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৩নং ৰজাপুখুৰীত চলিল ড্ৰাগছ বিৰোধী অভিযান । অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই ড্ৰাগছ ব্যৱসায়ীক । ৰজাপুখুৰীৰ এজন লোকৰ ঘৰৰ ধানৰ ডুলিত লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ হয় এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি ৷ গুৱাহাটীৰ পৰা অহা STF, উৰিয়ামঘাট আৰক্ষী, বি ছেক্টৰৰ CRPF আৰু ধনশিৰি মহকুমা আৰক্ষী প্ৰশাসনৰ অভিযানত উদ্ধাৰ হয় এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি ৷
দুটা বস্তাৰ ভিতৰত ভৰাই লুকুৱাই থৈছিল ড্ৰাগছখিনি । ড্ৰাগছখিনিৰ মূল্য প্ৰায় ১৫ কোটি টকা হ'ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ নাম চহিদুল ইছলাম আৰু অলিউলা হুছেইন ওৰফে অলি ৷ উল্লেখ্য যে, মাত্ৰ কেইদিনমানৰ পূৰ্বে সৰুপথাৰ আৰক্ষী থানাৰ সমীপৰ এখন দোকানত ৫৫ টা চাবোনৰ বাকচত আৰক্ষীয়ে জব্দ কৰিছিল বুজন পৰিমাণৰ ড্ৰাগছ । প্ৰায় ৩ কোটি টকাৰ হেৰ'ইন জব্দ কৰা হৈছিল সৰুপথাৰত । দেওবাৰে পুনৰ ১৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হয় ধনশিৰি মহকুমাত ।