ডিফুত আৰক্ষী আৰু চিআৰপিএফৰ যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ
🎬 Watch Now: Feature Video
Published : Feb 25, 2024, 7:42 PM IST
ডিফু, 25 ফেব্ৰুৱাৰী : কাৰ্বি আংলং জিলাৰ ডিফুত শনিবাৰে নিশা আৰক্ষী আৰু চিআৰপিএফৰ যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ উদ্ধাৰ কৰা হৈছে । ইয়াৰ লগতে আৰক্ষীয়ে 4 জনক আটক কৰিছে বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে বিশেষ সূত্ৰে লাভ কৰা অবৈধ মাৰণাস্ত্ৰ লেনদেনৰ তথ্যৰ ভিত্তিত এই অভিযানটো চলাইছিল বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিছে ৷ এই অভিযানত আৰক্ষীয়ে নীজেশ লাংথাছা, মাণিক হাফলংবাৰ আৰু কুমুদ ওৰফে ৰথাই ফংল’ নামৰ তিনিজনক আটক কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰোপৰি আৰক্ষীয়ে ধনশিৰিৰ পৰা বনাছ লাংথাচা নামৰ আন এজনকো এই সন্দৰ্ভত আটক কৰিছে।
আৰক্ষীয়ে এই অভিযানত মেগজিনসহ 1 টা AK চিৰিজৰ ৰাইফলছ, 3 টা পইণ্ট থ্ৰী টু পিষ্টল আৰু 3 টা মেগজিন, 3 টা হেণ্ড গ্ৰেণেড, 4 টা মোবাইল ফোন উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে আটক কৰা লোককেইগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত উদ্ধাৰ কৰে মাৰণাস্ত্ৰখিনি। নৈলালঙৰ নীজেশ লাংথাছাৰ ঘৰৰ চৌহদত লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ কৰা হয় মাৰণাস্ত্ৰখিনি।
লগতে পঢ়ক: তেজপুৰৰ বিহগুৰিত বনৰীয়া হাতী পোৱালিৰ আকস্মিক মৃত্যু