গোলাঘাটৰ মিচন তিনিআলিত ড্ৰাগছসহ ৩ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ - Drugs peddler arrested

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 1:41 PM IST

thumbnail
গোলাঘাটৰ মিচন তিনিআলিত ড্ৰাগছসহ ৩ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ (ETV Bharat)

গোলাঘাট,২৯ আগষ্ট : গোলাঘাটত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান । অভিযানত লক্ষাধিক টকাৰ ড্ৰাগছসহ ৩ টা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । বুধবাৰে নিশা গোলাঘাট নগৰৰ সমীপৰ মিচন তিনিআলিৰ সমীপত আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি । গ্ৰেপ্তাৰ হোৱা ৩ সৰবৰাহকাৰী ক্ৰমে তেজপুৰৰ নজৰুল হক, গোলাঘাট ঢুলীয়া গাঁৱৰ বুলবুল আলী আৰু নাছিক আলী বুলি জানিব পৰা গৈছে ।

নাহৰণিৰ ফালৰ পৰা গোলাঘাট অভিমুখে এখন AS-০৫-T-১৭৭৬ নম্বৰৰ মটৰ চাইকেলেৰে দুজন আৰু এজনে এখন ই-ৰিক্সা লৈ গৈ থকা অৱস্থাতে আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত সৰবৰাহকাৰীকেইটাক আটক কৰিবলৈ সক্ষম হয় । সৰবৰাহকাৰীকেইটাৰ পৰা ৪ টাকৈ মোবাইল ফোনো আৰক্ষীয়ে জব্দ কৰিছে । বৰ্তমান আৰক্ষীয়ে সৰবৰাহকাৰীকেইটাক জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :সীমান্তত তিনি বাংলাদেশীৰ অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা - Assam CM on Bangladeshi

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.