শদিয়াৰ চপাখোৱাত ভয়ংকৰ পথ দুৰ্ঘটনা: থিতাতে নিহত এজন ছাত্ৰ - Road Accident - ROAD ACCIDENT
🎬 Watch Now: Feature Video


Published : Jul 24, 2024, 5:13 PM IST
তিনিচুকীয়া,২৪ জুলাই: তিনিচুকীয়া জিলাৰ শদিয়াৰ চপাখোৱাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । শদিয়াৰ ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত তথা চপাখোৱাস্থিত ৰাজ কিড্ছ ফাউণ্ডেচন স্কুলৰ সমীপত বলেৰ’ পিকআপ আৰু ই-ৰিক্সাৰ মাজত হোৱা সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় চপাখোৱাৰ লাচিত নগৰৰ পৱিত্ৰ কোঁৱৰৰ পুত্ৰ ৰবি কোঁৱৰ নামৰ দশম শ্ৰেণীৰ ছাত্ৰজন । ছাত্ৰগৰাকী শদিয়া ছেণ্ট থমাছ হাইস্কুলৰ ছাত্ৰ আছিল ।
গ্ৰীষ্মকালীন বন্ধত বিদ্যালয়ত হৈ থকা বিশেষ পাঠগ্ৰহণ কৰিবলৈ বিদ্যালয়লৈ গৈছিল নিহত ছাত্ৰজন । দুৰ্ঘটনাটোত নিহত ছাত্ৰজনৰ লগতে আন কেইবাগৰাকীও শিক্ষাৰ্থী আঘাতপ্ৰাপ্ত হয় । পৰৱৰ্তী সময়ত আঘাতপ্ৰাপ্ত শিক্ষাৰ্থীসকলক শদিয়া মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰথমে ভৰ্তি কৰাই যদিও পিচত উন্নত চিকিৎসাৰ বাবে শদিয়াৰ পৰা তিনিচুকীয়ালৈ প্ৰেৰণ কৰে ।