এন ডি পি এছ গোচৰৰ প্ৰথমটো ৰায়দান হোজাই জিলা সত্ৰ ন্যায়ধীশ আদালতৰ - verdict of NDPS act

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 8:40 PM IST

thumbnail
হোজাই আদালতৰ এন ডি পি এছ গোচৰৰ প্ৰথমটো ৰায়দান (ETV Bharat Assam)

হোজাই, ২ জুলাই : মঙলবাৰে হোজাই জিলা সত্ৰ ন্যায়াধীশ আদালতে মাদক দ্ৰৱ্য আৰু নিচাযুক্ত সামগ্ৰী নিবাৰণ আইনৰ অধীনত (Narcotic Drugs and Psychotropic Substances Act, NDPS) গোচৰৰ প্ৰথমটো ৰায়দান কৰে । ৰে'লযোগে নিষিদ্ধ গাঞ্জা সৰবৰাহ কৰা চাইফউদ্দিন আৰু ইছলামউদ্দিন নামৰ দুজন লোকক এই গোচৰত ১৫ বছৰ কাৰদণ্ড বিহা হয় । লগতে ১ লাখ টকাকৈ জৰিমনাও ভৰোৱা হয় ।  

উল্লেখ্য, হোজাই আৰক্ষীয়ে বিশেষ সূত্ৰৰ পমখেদি ২০২২ চনৰ ৫ ছেপ্টেম্বৰৰ নিশা নামনিমুৱা ৰাণী কমলাপতি এক্সপ্ৰেছত অভিযান চলাই হোজাই ৰে'ল ষ্টেচনত ২০২ কেজি গাঞ্জাসহ দুই অভিযুক্তক ৰে'লৰ দবাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ।  

এই সন্দৰ্ভত হোজাই থানাত ৩৮৭/২২ নম্বৰ গোচৰৰ ভিত্তিত এন ডি পি এছ আইনৰ ১১৪/২২ ধাৰা অনুযায়ী গোচৰ ৰুজু কৰা হৈছিল । এন ডি পি এছ আইনৰ ২০(চি)/২৯ ধাৰাৰ অধীনত বিচাৰ প্ৰক্ৰিয়া চলিছিল । ৮ গৰাকী চৰকাৰী সাক্ষী লৈ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত মঙলবাৰে আদালতে চূড়ান্ত ৰায় প্ৰদান কৰে । চৰকাৰী পক্ষৰ হৈ অধিবক্তা অমৰজ্যোতি শইকীয়াই উক্ত গোচৰত যুক্তি দৰ্শায় ।

লগতে পঢ়ক :নতুন আইনে সাধাৰণ নাগৰিকৰ অধিকাৰ ৰক্ষা কৰিবনে ? জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰৰ সৈতে বিশেষ সাক্ষাৎকাৰ - THREE NEW CRIMINAL LAW
লগতে পঢ়ক :নতুন আইন হ'ব নেকি প্ৰত্যাহ্বান ? - New criminal laws

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.