thumbnail

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 10:20 AM IST

ETV Bharat / Videos

হিট্ এণ্ড ৰাণ : যোৰহাটৰ শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজনে - HIT AND RUN CASE

যোৰহাট, 21 জুন : যোৰহাট জিলাত পৃথকে পৃথকে সংঘটিত হৈছে দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুয়োটা পথ দুৰ্ঘটনাত যুৱকসহ এগৰাকী মহিলাৰ মৃত্যু হয় ৷

প্ৰথমটো ঘটনা, যোৰহাট জিলাৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত পুলিবৰ টাপকঠাত সংঘটিত হয় । যোৰহাট নগৰৰ দিশে আহি থকা AS 04 BC 8549 নম্বৰৰ এখন দ্ৰুত বেগী ডাম্পাৰে পথৰে খোজকাঢ়ি আহি থকা এগৰাকী বয়োজ্যেষ্ঠ মহিলাক প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে ৷ ফলত ঘটনাস্থলীতে কৰুণভাৱে মৃত্যু হয় মহিলাগৰাকীৰ ৷ মৃত মহিলাগৰাকী নাম লনি কলিতা (70) বুলি জানিব পৰা গৈছে ।

এই ঘটনা সংঘটিত কৰিয়েই ৰাইজৰ ৰোষত পৰাৰ ভয়ত ঘটনাস্থলীৰ পৰা পলায়ন কৰি গাড়ীসহ চালকগৰাকী ভোগদৈ আৰক্ষী চকীত আত্মসৰ্মপন কৰে । এই দুৰ্ঘটনাটো ইমানে মমান্তিক আছিল যে, ডাম্পাৰখনে খুন্দিওৱা মহিলাগৰাকীৰ মুণ্ডটো ঘটনাস্থলীৰ পৰা প্ৰায় 600 মিটাৰ দূৰৈত ছিটিকি পৰে ।

আনহাতে দ্বিতীয়টো ঘটনা, যোৰহাট ক্লাব ৰোডত সংঘটিত হয় ৷ এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী পথচাৰী । দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন ৷ নিহত যুৱকজন এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই ।

লগতে পঢ়ক:  আই টি বি পি শিবিৰৰ পকী দেৱালত তীব্ৰ খুন্দা এখন স্কৰপিঅ’ বাহনৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.