নেতা-বিধায়কক গৰু-ছাগলীৰে তুলনা: দুলু আহমেদৰ বিৰুদ্ধে হিন্দু সুৰক্ষা সেনাৰ গোচৰ - dulu ahmed controversy - DULU AHMED CONTROVERSY

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 8:18 PM IST

বৰপেটাৰোড, 26 মাৰ্চ: নিৰ্বাচনী প্ৰচাৰ সভাত বিতৰ্কিত মন্তব্য কৰি হিন্দু সুৰক্ষা সেনাৰ ৰোষত পৰিল দুলু আহমেদ ৷ বৰপেটা লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে বিধায়কসকলক গৰু-ছাগলীৰ লগত তুলনা কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে হিন্দু সুৰক্ষা সেনা ৷

অসম জাতীয় পৰিষদৰ প্ৰাক্তন উপ-সভাপতি দুলু আহেমদৰ বিৰুদ্ধে হিন্দু সুৰক্ষা সেনাই মঙলবাৰে ৰপেটাৰোড আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ সোমবাৰে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি দুলু আহেমেদে কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ হিন্দু সুৰক্ষা সেনাৰ নেতা কাঞ্চন দেৱনাথে কয় যে অপমানজনক, বিতৰ্কিত তথা আপত্তিজনক মন্তব্য কৰা দুলু আহেমদক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্বাচন আয়োগক তেওঁলোকে দাবী উত্থাপন কৰিছে ৷

উল্লেখ্য যে সোমবাৰে দুলু আহমেদে কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ কৈছিল যে কংগ্ৰেছ দলৰ নেতাসকল বিজেপি, মুখ্যমন্ত্ৰীৰ ওচৰত গৰু-ছাগলীৰ দৰে বিক্ৰী হৈ আছে ৷

লগতে পঢ়ক: গেৰুৱা নহয়; ’২৬ ৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ সৈতে যুঁজিবলৈহে সাজু ভূপেন বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.