বিশেষভাৱে সক্ষম এগৰাকী ছাত্ৰীৰ পঢ়াৰ দায়িত্ব ল'লে মুখ্যমন্ত্ৰীয়ে - Himanta Biswa Sarma - HIMANTA BISWA SARMA

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 3:56 PM IST

গুৱাহাটী, ৯ আগষ্ট : ব্যস্ততাৰ মাজতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মহানুভৱতা । বিশেষভাৱে সক্ষম এগৰাকী ছাত্ৰীক সাক্ষাৎ কৰি পঢ়োৱাৰ দায়িত্ব ল’লে মুখ্যমন্ত্ৰীয়ে মহানগৰীৰ টঙৰা সত্ৰৰ এক অনুস্থানত ভাগ লৈ ওলাই অহাৰ সময়ত হঠাৎ মুখ্যমন্ত্ৰীৰ চকুত পৰে এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰী । লগে লগে স্নেহা বৰা নামৰ দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীৰ ওচৰলৈ গৈ সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীয়ে । গুৱাহাটীৰ বাসিন্দা যদিও বৰ্তমান মৰিগাঁৱৰ ৰাধাকৃষ্ণণ চেন্ট্ৰেল একাডেমিত অধ্যয়নৰত ছাত্ৰীগৰাকী ।

ছাত্ৰীগৰাকীৰ লগতে পিতৃ-মাতৃকো সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ছাত্ৰীগৰাকীক মূলতঃ উপযুক্ত শিক্ষাগ্ৰহণৰ বাবে সুবিধা কৰি দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছিল পিতৃ-মাতৃয়ে । লগে লগে মুখ্যমন্ত্ৰীয়েও সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস দি দুই-এদিনৰ ভিতৰতে গুৱাহাটীৰ এখন ভাল স্কুলত নাম লগাই দিয়া হ’ব বুলিও কথা দিয়ে ।

ইফালে মুখ্যমন্ত্ৰীক লগ পোৱাৰ সপোন পুহি ৰখা বিশেষভাৱে সক্ষম ছাত্ৰীগৰাকী সপোন পূৰ হোৱাত উৎফুল্লিত হৈ পৰে । সেয়েহে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই স্নেহাৰ পিতৃ-মাতৃৰ লগতে স্থানীয় লোকসকলে ।

লগতে পঢ়ক : বিনামূলীয়া শিক্ষা প্ৰদানেৰে সমাজ গঢ়াৰ প্ৰচেষ্টা এজন শিক্ষিত যুৱকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.