হিমন্ত বিশ্ব শৰ্মাৰ মতে চম্পাই ছোৰেনে বিজেপিৰ লগত যোগাযোগ কৰা নাই - Champai Soren - CHAMPAI SOREN

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 5:37 PM IST

নিউজ ডেস্ক, ১৭ আগষ্ট : ঝাৰখণ্ডৰ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিভিন্ন দলৰ নেতাই শিবিৰ সলনি কৰা পৰিলক্ষিত হৈছে ৷ সমান্তৰালকৈ হেমন্ত ছোৰেন চৰকাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনকে ধৰি বহুতো জে এম এম বিধায়কে বিজেপিত যোগদান কৰিব বুলি সৰৱ চৰ্চা চলিছে ৷

জে এম এমৰ নিলম্বিত বিধায়ক লবিন হেমব্ৰমেও বিজেপিৰ সৈতে যোগাযোগ ৰক্ষা কৰা বুলি স্বীকাৰ কৰিছে । হেমব্ৰমে কয় যে তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু আৰোগ্য হোৱাৰ পিছত দিল্লীলৈ যাব । একে সময়তে, চম্পাই ছোৰেনে সংবাদ মাধ্যমৰ সন্মুখত কোনো স্পষ্ট মন্তব্য দিয়া নাই । বিজেপিত যোগদানৰ প্ৰসংগত তেওঁ হাঁহি হাঁহি কয় যে মইতো আপোনালোকৰ সন্মুখতে আছো ।

ইফালে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে বিজেপিত যোগদানৰ প্ৰসংগত ড৹ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট মন্তব্য কৰে শনিবাৰে ৷ ড৹ শৰ্মাই কয়, ‘‘মোৰ সৈতে কথা-বতৰা নাই হোৱা ৷ মোৰ মতে দলৰ সৈতেও কোনো যোগাযোগ কৰা নাই ৷ তেওঁৰ সন্দৰ্ভত মই তৰল মন্তব্য কৰিব বিচৰা নাই ৷’’

লগতে পঢ়ক : কৰ্তব্যৰত আৰক্ষীক হত্যা: হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ- ঝাৰখণ্ড চৰকাৰ তুষ্টিকৰণৰ ৰাজনীতিত নামিছে

ঝাৰখণ্ডৰ নিহত কনিষ্টবলৰ মাতৃক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ; হত্যাকাৰীক ফাঁচিৰ দাবী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.