thumbnail

পত্নীক সন্তুষ্ট কৰিবলৈ আইন প্ৰস্তুত কৰে হিমন্ত বিশ্ব শৰ্মাই: মীৰা বৰঠাকুৰ - Meera Borthakur slams Assam CM

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 10:33 PM IST

বিহালী, 2 ছেপ্টেম্বৰ: ‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ভোক লগা বেমাৰ হৈছে ৷ পৰিবাৰক সন্তুষ্ট কৰিবলৈ আইন প্ৰস্তুত কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ পৰিবাৰে ধন-সম্পত্তি গ্ৰাস কৰি হিমন্ত বিশ্ব শৰ্মাৰ ধ্বংস মাতিছে ৷ কংগ্ৰেছ শাসনলৈ আহিলে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ সম্পত্তিৰ হিচাপ কৰিব ৷’’ এই মন্তব্য কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ ৷  

বিশ্বনাথ জিলাৰ বিহালীৰ বৰগাঙত অনুষ্ঠিত জিলা মহিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ কৰি বিহালী সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মহিলা কংগ্ৰেছ কৰ্মীসকলক দিহা পৰামৰ্শ আগবঢ়াই নেত্ৰী মীৰা বৰঠাকুৰে ৷ তেওঁ সাংবাদিকৰে হোৱা কথা বতৰাত কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এতিয়া কিছু জিৰণিৰ প্ৰয়োজন ৷ লাহে লাহে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিৰ সূৰ্য মাৰ যাবলৈ ধৰিছে বুলিও উল্লেখ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷ তেওঁ লগতে বদৰুদ্দিন আজমল সন্দৰ্ভত কয় যে আজমলৰ দলৰ বিধায়কসকলে এতিয়া আন দললৈ যোৱাৰ চিন্তা কৰিছে ৷ আজমলৰ এতিয়া ৰাজনীতিত অস্তিত্ব নাই ৷ ৰিপুণ বৰাৰ কংগ্ৰেছত যোগদান সন্দৰ্ভত তেওঁ কয় যে দললৈ যিমান মানুহ আহে সিমানেই ভাল ৷ কিন্তু ৰিপুণ বৰাৰ ক্ষেত্ৰত দলৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত ল’ব ৷ 

লগতে পঢ়ক: তৃণমূল কংগ্ৰেছ ত্যাগ : পুনৰ কংগ্ৰেছলৈ অহাৰ সম্ভাৱনা ৰিপুণ বৰাৰ - Ripun Bora quit TMC

ইউৰিয়া ব্যৱহাৰ কৰা মাছৰ বাবে বৃদ্ধি পাইছে বৃক্কৰ ৰোগ : মুখ্যমন্ত্রী - CM Himanta Biswa Sarma

বিভাজন নীতিত ব্ৰিটিছতকৈ ওস্তাদ মুখ্যমন্ত্ৰী হিমন্ত: গৌৰৱ গগৈ - Gaurav Gogoi slams Assam CM

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.