বাংলাদেশৰ ছাত্ৰৰ মহানুভৱতা: স্বগৃহ পালেহি চামগুৰিৰ হিদায়ৎ - VIOLENCE HIT BANGLADESH

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 10:31 PM IST

thumbnail
অগ্নিগৰ্ভা পৰিবেশৰ মাজতে বাংলাদেশৰ পৰা চামগুৰিত উপস্থিত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ (Etv Bharat Assam)

চামগুৰি, ২৩ জুলাই: নিযুক্তি সংৰক্ষণ বিধেয়কক কেন্দ্ৰ কৰি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত সূচনা হৈছে অগ্নিগৰ্ভা পৰিৱেশৰ । এই ভয়াবহ পৰিৱেশৰ মাজত ৰাষ্ট্ৰখনৰ পৰা পলায়ন কৰি স্ব-গৃহত উপস্থিত হৈছে অসমত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী । তাৰ ভিতৰৰে অন্যতম এগৰাকী ছাত্ৰ হৈছে চামগুৰিৰ বাজিয়াগাঁৱৰ হিদায়ৎ উল্লাহ সৰকাৰ । ছাত্ৰগৰাকীয়ে ২০২১ চনৰ পৰা চিকিৎসা বিজ্ঞান বিষয়ত অধ্যয়নৰত হৈ আছিল বাংলাদেশৰ ঢাকাৰ এখন চিকিৎসা মহাবিদ্যালয়ত ।

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমৰ চাৰি ছাত্ৰসহ বাংলাদেশৰ পৰা স্বদেশলৈ কোনোমতে পলায়ন কৰিবলৈ সক্ষম হয় হিদায়ৎ । বাংলাদেশৰ সহপাঠী ছাকিবুল নামৰ এজন ছাত্ৰই নিজৰ প্ৰাণৰ প্ৰতিও চিন্তা নকৰি অসমৰ আটাইকেইজন ছাত্ৰকে পলায়ন কৰাত সহায় কৰিছিল । নিজপুত্ৰ হিদায়তক সুস্থ শৰীৰে স্বগৃহত উপস্থিত হোৱা দেখি উৎফুল্লিত পিতৃ-মাতৃয়ে এতিয়া ধন্যবাদ জ্ঞাপন কৰিছে বাংলাদেশী ছাত্ৰ ছাকিবুলক । ইফালে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম শেষ নকৰাকৈ প্ৰতিকূল পৰিৱেশৰ মাজত অসমলৈ উভতি অহা হিদায়তসহ আন ছাত্ৰ-ছাত্ৰীসকলৰ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম কেনেকৈ সফলভাৱে অন্ত কৰিব পাৰিব তাক লৈ এতিয়া চিন্তিত পিতৃ-মাতৃ ।

লগতে পঢ়ক: ৰাজপথত মৃতদেহৰ শাৰী: এম্বুলেন্সত উঠি কি দৰে অসম পালেহি শিৱসাগৰৰ আব্বাছ ? - VIOLENCE HIT BANGLADESH

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.